thumbnail

By

Published : Dec 29, 2022, 5:35 PM IST

Updated : Feb 3, 2023, 8:37 PM IST

ETV Bharat / Videos

Bulldozer demolition Drive: অবৈধ অট্টালিকাত চলিল তিনিচুকীয়া পৌৰসভাৰ বুলড’জাৰ

তিনিচুকীয়াৰ ৰাজাআলিত অবৈধ ভাৱে নিৰ্মাণ কৰা অট্টালিকাত(Illegally constructed building) চলিল পৌৰসভাৰ বুলড’জাৰ ৷ তিনিচুকীয়া চহৰখনৰ বিভিন্ন প্ৰান্তত পৌৰসভাই নীতি বৰ্হিভূতভাৱে নিৰ্মাণ কৰা অট্টালিকাৰ বিৰুদ্ধে অভিযান চলোৱাৰ দৰেই বৃহস্পতিবাৰে ৰাজাআলিত তিনিচুকীয়া পৌৰসভাৰ(Tinsukia Municipality Board) কাৰ্যবাহী বিষয়া তথা দণ্ডাধীশৰ উপস্থিতিত চলিল অবৈধ অট্টালিকাৰ ওপৰত অভিযান ৷ ৰাজাআলি অবৈধভাৱে নিৰ্মাণ কৰা কেইবাটাও বাসগৃহৰ লগতে ব্যৱসায়িক প্ৰতিষ্ঠান পৌৰসভাই বুলড’জাৰেৰে ভাঙি পেলায়(Bulldozer demolition Drive) ৷ জাননী প্ৰেৰণ কৰাৰ পিছতো গৰাকীয়ে অট্টালিকা সমূহ নভঙাৰ বাবে পৌৰসভাই ব্যৱস্থা গ্ৰহণ কৰা বুলি সদৰী কৰে তিনিচুকীয়া পৌৰসভাৰ কাৰ্যবাহী বিষয়াগৰাকীয়ে ৷ অনাগত দিনতো এনেদৰেই অবৈধ অট্টালিকাৰ বিৰুদ্ধে পৌৰসভাৰ অভিযান চলি থাকিব বুলি মন্তব্য কৰে কাৰ্যবাহী বিষয়াগৰাকীয়ে ৷
Last Updated : Feb 3, 2023, 8:37 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.