Wheat seized in Moran: ব্যক্তিগত গুদামত ওলাল কৃষি বিভাগৰ ঘেঁহু

By ETV Bharat Assamese Team

Published : Oct 15, 2023, 9:18 PM IST

thumbnail

ডিব্ৰুগড়, 15 অক্টোবৰ: কৃষি বিভাগৰ কেলেংকাৰীৰ কথা কৈ যেন ওৰকে নপৰিব ৷ কাৰণ মন্ত্ৰী অতুল বৰাৰ কৃষি বিভাগত সংঘটিত হৈছে ইটোৰ পিচত সিটো কেলেংকাৰী । কৃষি বিভাগত সংঘটিত ব্যাপক দুৰ্নীতি পোহৰলৈ অহা সময়তে মৰাণৰ আটা গুদামত উদ্ধাৰ হয় কৃষি বিভাগৰ 36 বেগ ঘেঁহু ৷ মৰাণত শনিবাৰে নিশা এটা আটা গুদামৰ পৰা উদ্ধাৰ কৰিছিল উক্ত ঘেঁহুখিনি ৷

উদ্ধাৰ হোৱা ঘেঁ‌হু বেগসমূহ আজি কৃষি বিভাগৰ বিষয়াই চমজি লৈ মৰাণৰ চৰকাৰী কৃষি বিভাগৰ গুদামলৈ লৈ যায় । উল্লেখ্য যে, উক্ত ঘেঁ‌হুখিনি বাবুল নেৱাৰ আৰু মৰাণৰ জনৈক পাণ্ডে উপাধিৰ দুজন লোকৰ পৰা আটা গুদামৰ স্বত্বাধিকাৰীয়ে 35 হাজাৰ টকাত ক্ৰয় কৰিছিল । সেয়ে গোপন খবৰৰ ভিত্তিত চলোৱা অভিযানত মৰাণৰ শ্যাম ইণ্ডাষ্ট্ৰীৰ আটা গুদামত উদ্ধাৰ হৈছিল ‘‘বিক্ৰীৰ বাবে নহয়’’ লিখা 36 বেগ ঘেঁহুৰ বীজ  ৷

ইফালে কৃষি বিভাগৰ লোকে অপৰাধীৰ বিৰুদ্ধে আইনী ব্যৱস্থা লোৱাৰ আশ্বাস দিছে যদিও কৃষকলৈ প্ৰদান কৰা ঘেঁহুৰ বীজ আটা গুদামত উদ্ধাৰ হোৱা ঘটনাই ডিব্ৰুগড়ত সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়া ।

লগতে পঢ়ক:BJP criticized Congress; কংগ্ৰেছ হৈছে কেৱল ৰাইজক ঠগা পাৰ্টীহে : ৰামেশ্বৰ তেলী

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.