thumbnail

By ETV Bharat Assamese Team

Published : Oct 18, 2023, 10:39 PM IST

ETV Bharat / Videos

Spurious liquor seized: লালমাটিৰ ধাবাত অবৈধ সুৰাৰ বেহা

গুৱাহাটী,১৮ অক্টোবৰ: মহানগৰীৰত বি আই ই অ ৰ অভিযানত জব্দ বহু পৰিমানৰ বিলাতী সুৰা । মহানগৰীৰ লালমাটিত বুধবাৰে সন্ধিয়াৰ ভাগত বি আই ই অ ৰ এটা দলে ৰাজ ধাবাত এক অভিযান চলাই জব্দ কৰে প্ৰায় ১১৬ টা বিলাতী সুৰাৰ বটল । বি আই ই অ ৰ আৰক্ষী অধীক্ষক ৰূপ কিশোৰ সন্দিকৈৰ নেতৃত্বত চলা অভিযানত অবৈধ বিলাতী সুৰাৰ লগতে গ্ৰেপ্তাৰ কৰে ধাবাখনৰ দুই কৰ্মচাৰীক ।  

ধাবাখনত অভিযান চলোৱা সময়তে পলাই যাবলৈ সক্ষম হয় আন আন কৰ্মচাৰীসকল । গ্ৰেপ্তাৰ হোৱা কৰ্মচাৰী দুজন ক্ৰমে মিঠুন নাথ আৰু মফিজুদ্দিন আলী । উল্লেখযোগ্য যে ধাবাখনৰ স্বত্বাধিকাৰী ৰাম কুমাৰ চৌধুৰীয়ে চলাই থকা ৰাজ ধাবাত অভিযান চলোৱাৰ বিপৰীতে একেজন মালিকৰ নাতি দূৰৈত থকা চঞ্চল ধাবা নামৰ ধাবাখনত ৰহস্যজনকভাৱে কোনো অভিযান চলা দেখা পৰিক্ষিত নহ'ল । ইফালে মহানগৰীৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত থকা একাংশ ধাবাই মুকলিভাৱে অনুৰূপ ধৰণে দিনে-নিশাই এইদৰে বিলাতী সুৰাৰ অবৈধ বেহা চলোৱাৰ অভিযোগ দীৰ্ঘদিনীয়া যদিও আবকাৰী অথবা আৰক্ষী প্ৰশাসনে চকু মুদি কুলিৰ ভাও ধৰি আহিছে ।  

লগতে পঢ়ক: Sarbananda Sonowal: বিশ্ব সামুদ্ৰিক ভাৰত সন্মিলনে ভাৰতক সেউজ অনুকূল পৰিবহণৰ বাবে উদ্বুদ্ধ কৰিছে : সৰ্বানন্দ সোণোৱাল

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.