thumbnail

Wine seized : লখিমপুৰত জব্দ লক্ষাধিক মূল্যৰ অৰুণাচলী সুৰা

By

Published : Aug 4, 2023, 12:41 PM IST

লখিমপুৰ, 4 আগষ্ট: লখিমপুৰ জিলা আবকাৰী বিভাগৰ বৃহৎ সফলতা । প্ৰায় 25 লক্ষাধিক টকা মূল্যৰ অৰুণাচলী সুৰা জব্দ । বৃহস্পতিবাৰে নিশা আবকাৰী বিভাগে চলায় এই সফল অভিযান । ট্ৰাক সহ চালকক আটক কৰে বিভাগে ।

জানিব পৰা মতে, নিশা নাহৰলগুণৰ পৰা গুৱাহাটীলৈ লৈ অবৈধভাৱে লৈ যোৱা হৈছিল অৰুণাচলী সুৰাখিনি । লখিমপুৰ জিলাৰ পথালিপাহাৰত আবকাৰী বিভাগৰ অভিযানত সুৰাভৰ্তি ট্ৰাকখন ধৰা পৰে । প্ৰায় 1 হেজাৰ কাৰ্টন সুৰাসহ আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় ট্ৰাক চালকক । ধৃত চালকজন নলবাৰীৰ ৰাজীৱ আলী বুলি জানিবলৈ পৰা গৈছে ।

জব্দ কৰা ট্ৰাকখনৰ নং AS 25 FC 3278 ৷ লক্ষাধিক টকা মূল্যৰ এই সুৰাখিনি গুৱাহাটীলৈ বিক্ৰীৰ বাবে আনিছিল বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে ।সম্প্ৰতি আবকাৰী বিভাগে ট্ৰাক চালকজনক জেৰা অব্যাহত ৰাখিছে । অধিক মুনাফাৰ বাবে অৰুণাচলী সুৰাৰ অবাধ বেহা ৰাজ্যত চলিবলৈ ধৰা পৰিলক্ষিত হৈছে । 

লগতে পঢ়ক : Loksabha election 2024: যুৱ চামক লগত লৈ মছনদ দখলৰ লক্ষ্য; ৰাহুলৰ নতুন অভিযান ‘জুড়েগা বিদ্যাৰ্থী, জীতেগা ইণ্ডিয়া’

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.