thumbnail

মাঞ্জাত বৃহৎ পৰিমাণৰ ড্ৰাগছ দাহন

By ETV Bharat Assamese Team

Published : Dec 30, 2023, 2:14 PM IST

ডিফু,৩০ ডিচেম্বৰ: ২০২৩ বৰ্ষটোত নিচাযুক্ত ড্ৰাগছৰ ভয়াবহতাত পাহাৰীয়া জিলা কাৰ্বি আংলঙত নৱ প্ৰজন্মক গ্ৰাস কৰি ৰখাৰ সময়ত আৰক্ষীয়ে ইয়াৰ বিৰুদ্ধে কঠোৰ অভিযান চলোৱাৰ পিছত শনিবাৰে পুৱাৰ ভাগত মাঞ্জাৰ সমীপৰ ৯ মাইলত প্ৰায় ২৭ কোটি ৫০ লাখ টকাৰ দাহ কাৰ্যসূচী সম্পন্ন কৰে ৷ প্ৰতিবছৰৰ দৰে এই বছৰো জিলা ড্ৰাগছ ডিচপ'জেল কমিটিৰ নিৰ্দেশ মৰ্মে কাৰ্বি আংলং জিলা আৰক্ষী অধীক্ষক সঞ্জীৱ কুমাৰ শইকীয়া আৰু শীৰ্ষ আৰক্ষী বিষয়াসকলৰ উপস্থিতিত ৰাখি ব্ৰিকছ ইটা ভাটাৰ চুল্লীত ড্ৰাগছখিনি দাহ কৰা হয় ৷  

দাহন কৰা নিচাযুক্ত ড্ৰাগছসমূহৰ ভিতৰত আছে হেৰইন ১২ কেজি ৫৫০ গ্ৰাম, গাঞ্জা ১৮৯কেজি ৩৫ গ্ৰাম, ম'ৰফিন ২ কেজি ৮ গ্ৰাম আৰু ২০৯৮ টা নিচাযুক্ত টেবলেট ৷ নিচাযুক্ত ড্ৰাগছখিনিৰ মূল্য ২৭,৫৫,১৬,৫০০ টকা মূল্যৰ ড্ৰাগছ দাহ কৰা হয় ৷ দাহন কৰা নিচাযুক্ত সামগ্ৰীখিনি আৰক্ষীয়ে ২০২৩ বৰ্ষৰ ড্ৰাগছ বিৰোধী অভিযানত জব্দ কৰা হৈছিল বুলি জানিব পৰা গৈছে ৷  

আজিৰ ড্ৰাগছ দাহন কাৰ্যসূচীত ড্ৰাগছ ডিজপ'জেল কমিটিৰ অধ্যক্ষ তথা জিলা আৰক্ষী অধীক্ষক সঞ্জীৱ কুমাৰ শইকীয়াকে আদি কৰি সদস্যসকল উপস্থিত থাকে । ড্ৰাগছ দাহন কাৰ্যস্থলীত এক সংবাদমেলৰ আয়োজন কৰি সমগ্ৰ তথ্য সদৰী কৰে জিলা আৰক্ষী অধীক্ষক সঞ্জীৱ কুমাৰ শইকীয়াই ৷ আৰক্ষী অধীক্ষকগৰাকীয়ে লগতে কয় যে, অতিশীঘ্ৰে ড্ৰাগছ আসক্তসকলৰ বাবে এক পুনৰসংস্থাপন কেন্দ্ৰ স্থাপন কৰাৰ প্ৰস্তুতি চলি আছে ৷ 

লগতে পঢ়ক: কৰিমগঞ্জত দুই সৰবৰাহকাৰীসহ জব্দ বৃহৎ পৰিমাণৰ ড্ৰাগছ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.