HSLC paper leak : কটকটীয়া নিৰাপত্তাৰ মাজেৰে মেট্ৰিকৰ নতুন প্ৰশ্নকাকত থানালৈ প্ৰেৰণ

By

Published : Mar 29, 2023, 7:47 PM IST

thumbnail

ডিব্ৰুগড়, 29 মাৰ্চ : 2023 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাই ৰাজ্যত সৃষ্টি কৰিলে ব্যাপক প্ৰতিক্ৰিয়াৰ  । লাখ লাখ ছাত্ৰ- ছাত্ৰীৰ জীৱনক লৈ হেতালি খেলা কেইবাজনো এতিয়া ৰঙাঘৰৰ আলহী । আনকি শিক্ষাৰ্থী পৰ্যন্ত ৰাজপথলৈ ওলায় অহা পৰিলক্ষিত হয় ছেবাৰ বিৰুদ্ধে ৷ পুনৰ এইবাৰ বাতিল হোৱা পৰীক্ষাসমূহ অনুষ্ঠিত কৰিবলৈ সাজু হৈছে শিক্ষা বিভাগ তথা ছেবা কৰ্তৃপক্ষ (Prime accuse of HSLC paper leak) ৷  

অহা ৩০ মাৰ্চ আৰু ১ এপ্ৰিলত অনুষ্ঠিত হ'ব হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বাতিল হোৱা সাধাৰণ বিজ্ঞান আৰু অসমীয়া বিষয়ৰ পৰীক্ষা ৷ এই দুয়োটা বিষয়ৰ পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ পিছত এতিয়া পুনৰ অধিক কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজেৰে প্ৰশ্নকাকতসমূহ প্ৰেৰণ কৰা হৈছে সংশ্লিষ্ট পৰীক্ষা কেন্দ্ৰৰ নিৰাপত্তাৰ দায়িত্বত থকা আৰক্ষী থানাসমূহলৈ । ডিব্ৰুগড় জিলাৰ একাংশ, শিৱসাগৰ জিলাৰ একাংশ আৰু চৰাইদেউ জিলাৰ মুঠ ৩৯ টা পৰীক্ষা কেন্দ্ৰৰ প্ৰশ্নকাকত লৈ আজি পুৱা মৰাণত উপস্থিত হৈছে ছেবাৰ এটা দল (Assam HSLC paper goes viral) ৷ 

ছেবাৰ দুগৰাকী কৰ্মচাৰী, দুজন আৰক্ষী আৰু দুজন চালকসহ প্ৰশ্নকাকত লৈ অনা দলটোৱে মুঠ ১৯ খন আৰক্ষী থানাত বিতৰণ কৰিছে প্ৰশ্ন কাকতৰ টোপোলা ৷ লগতে দলটোৱে পূৰ্বে বাতিল হোৱা পৰীক্ষাৰ প্ৰশ্নকাকতৰ টোপোলাসমূহ সংগ্ৰহ কৰিছে বুলি জানিবলৈ দিছে (HSLC question paper leak) ৷

লগতে পঢ়ক : Ripu Chirang Reserve Forest: ৰিপু চিৰাং সংৰক্ষিত বনাঞ্চলত বেদখলকাৰীৰ ধ্বংসযজ্ঞ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.