thumbnail

By ETV Bharat Assamese Team

Published : Jan 3, 2024, 11:13 AM IST

ETV Bharat / Videos

বিলাসীপাৰাত বাইক-চাইকেলৰ মুখামুখি সংঘৰ্ষ, দুজন নিহত

বিলাসীপাৰা, 3 জানুৱাৰী : মঙলবাৰে নিশা বিলাসীপাৰাৰ লক্ষীগঞ্জৰ ভাষানীগাঁৱত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা ৷ ফলত দুজনকৈ লোক নিহত হৈছে ৷ নিহত লোক দুজন আজিমুল হক আৰু মালেক উদ্দিন বুলি জানিব পৰা গৈছে ৷ 

ঘটনা অনুসৰি, ফকিৰাগ্ৰামৰ পৰা বাইক লৈ বিলাসীপাৰাৰ দিশে গৈ আছিল আজিমুল হক নামৰ লোকজন ৷ আনহাতে বিপৰীত দিশৰ পৰা চাইকেলেৰে আহি আছিল মালেক উদ্দিনে ৷ তেনে সময়তে ভাষানীগাঁৱত বাইক আৰু চাইকেল মাজত মুখামুখি সংঘৰ্ষ হয় ৷ ফলত থিতাতে নিহত হয় বাইক চালক আজিমুল হক ৷

ইফালে দুৰ্ঘটনাটো আহত চাইকেল আৰোহী মালেক উদ্দিনক লক্ষীগঞ্জ ৰাজ্যিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসকে তেখেতক মৃত বুলি ঘোষণা কৰে ৷ নিহত বাইক চালকজন ফকিৰাগ্ৰাম কৰাইতোলা গাঁৱৰ আজিমুল হক আৰু চাইকেল আৰোহী জন লক্ষীগঞ্জৰ মালেক উদ্দিন বুলি জানিব পৰা গৈছে ৷ ইফালে দুৰ্ঘটনাগ্ৰস্ত বাইকখনৰ নম্বৰ হৈছে AS-16 G 8189 ৷

লগতে পঢ়ক : ভাৰত-বাংলাদেশ সীমান্তৰে চোৰাং বেহা, আৰক্ষীৰ জালত সৰবৰাহকাৰী

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.