thumbnail

Amit Shah to visit Assam: 27 জুনত অসমলৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী; হোজাইত সভাস্থলী পৰিদৰ্শন পীযুষ হাজৰীকাৰ

By

Published : Jun 11, 2023, 8:22 PM IST

হোজাই, 11 জুন: 27 জুনত হোজাইলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ৷ 27 জুনত হোজাইৰ শংকৰদেৱ নগৰত মহা সম্পৰ্ক অভিযানৰ অংশ স্বৰূপে এক বিশাল জনসভাত অংশগ্ৰহণ কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে (Home Minister Amit Shah to be visit Hojai) ৷  

এই সন্দৰ্ভত দেওবাৰে হোজাই মহকুমা সদৰ শংকৰদেৱ নগৰত উপস্থিত হয় মন্ত্ৰী পীযুষ হাজৰীকা ৷ ঠিৰাং কৰা হয় অমিত শ্বাহৰ সভাস্থলীৰ স্থান ৷ প্ৰায় ডেৰ লাখ লোকৰ জনসমাৱেশক সম্বোধন কৰিবলগা সভাৰ পৰাই নগাঁও লোকসভা সমষ্টিত নিৰ্বাচনী ৰণ শিঙা বজাব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে (Home Minister Amit Shah) ৷  

সভাস্থলী পৰিদৰ্শন কৰাৰ সময়ত মন্ত্ৰীপীযুষ হাজৰীকাৰ লগত নগাঁও সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা, বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামী, নগাঁৱৰ প্ৰাক্তন সাংসদ ৰাজেন গোঁহাইৰ লগতে হোজাই আৰু লামডিং সমষ্টিৰ দুই বিধায়ক ক্ৰমে ৰামকৃষ্ণ ঘোষ আৰু সিবু মিশ্ৰৰ লগতে আৰক্ষী, স্থানীয় প্ৰশাসনৰ বিষয়া সকল উপস্থিত থাকে (Pijush Hazarika in Hojai) ৷

লগতে পঢ়ক: Varanasi G20 summit : বাৰাণসীত উপস্থিত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী জয়শংকৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.