জোনাইৰ অসম অৰুণাচল সীমান্তত HIV সংক্ৰমিতৰ সংখ্যা বৃদ্ধি - জোনাই মহকুমা চিকিৎসা বিষয়াৰ সংবাদমেল
🎬 Watch Now: Feature Video
Published : Dec 10, 2023, 2:32 PM IST
জোনাই, ১০ ডিচেম্বৰ: অসম-অৰুণাচল সীমান্তৰ জোনাইত উদ্বেগজনকভাৱে HIV ত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ ভয়ংকৰ তথ্য পোহৰলৈ আহিছে । HIV ত আক্ৰান্তৰ সংখ্যা দিনক দিনে বৃদ্ধি পোৱাত এতিয়া শংকিত হৈ পৰিছে জোনাইৰ সাধাৰণ জনতা । ধেমাজি জিলাৰ ভিতৰতে জোনাইৰ অসম-অৰুণাচল সীমান্ত অঞ্চলত এনে সংক্ৰমিতৰ সংখ্যা বৃদ্ধি পোৱাৰ এক ভয়ংকৰ তথ্য সংবাদমেল যোগে সদৰি কৰিছে মহকুমা চিকিৎসা বিষয়া ডাঃ চন্দ্ৰকান্ত মিলিয়ে ।
ড্ৰাগছ আসক্ত লোকৰ পৰা বেছিকৈ HIV সংক্ৰমিত হোৱা বুলি উল্লেখ কৰি তেওঁ কয় যে জোনাইৰ অসম-অৰুণাচল সীমান্তৰ বিভিন্ন অঞ্চলত ড্ৰাগছ আসক্তৰ সংখ্যা বৃদ্ধি পোৱাৰ ফলতেই HIVত আক্ৰান্ত বৃদ্ধি পাইছে । ড্ৰাগছ সেৱনকাৰীৰ মাজত এটা বেজীৰে কেইবাগৰাকীও ড্ৰাগছ লোৱাৰ প্ৰৱণতাৰ ফলতেই জিলাখনৰ ভিতৰতে জোনাইত দিনক দিনে এনে লোকৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা প্ৰকাশ কৰিছে মহকুমা চিকিৎসা বিষয়া ডাঃ চন্দ্ৰকান্ত মিলিয়ে । উল্লেখযোগ্য যে ICTC ৰ পৰীক্ষাত জিলাখনৰ লগতে জোনাইৰ বিভিন্ন অঞ্চলৰ HIV সংক্ৰমিতৰ ভিতৰত যুৱচামৰ সংখ্যা চিনাক্ত হোৱা বুলি তেওঁ কয়।
লগতে পঢ়ক:এ পি এছ চি কেলেংকাৰী : ৱাহিদা বেগমক তিনি দিনৰ আৰক্ষীৰ জিম্মাত; আন তিনিজনক তলব