Himanta challenged Kejriwal: ফেচীবাদী শাসকৰ দৰে কথা কৈছে হিমন্ত বিশ্ব শৰ্মাই: কমল কুমাৰ মেধি - কমল কুমাৰ মেধী

🎬 Watch Now: Feature Video

thumbnail

By

Published : Mar 31, 2023, 10:50 PM IST

গুৱাহাটী, 31 মাৰ্চ: অসম ভ্ৰমণৰ পূৰ্বে দিল্লীৰ আপৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক মুখ্যমন্ত্ৰী‌ হিমন্ত বিশ্ব শৰ্মাই প্ৰত্যাহ্বান জনোৱাৰ পাচতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আপৰ ৰাজ্যিক নেতৃত্বই ৷ শুক্ৰবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, ‘‘অসমলৈ আহি এবাৰ মোৰ বিৰুদ্ধে কৈ চাওক, মনীষ চিছোডিয়াৰ দৰে অৰবিন্দ কেজৰিৱালৰ অৱস্থা হ’ব ৷‌ অসমলৈ আহি অৰবিন্দ কেজৰিৱালে এবাৰ কৈ দেখুৱাক যে হিমন্ত বিশ্ব শৰ্মা দুৰ্নীতিত জড়িত বুলি ৷ দ্বিতীয় দিনাই মানহানিৰ গোচৰ তৰিম কেজৰিৱালৰ বিৰুদ্ধে (Himanta Biswa challenged Kejriwal) ৷’’

মুখ্যমন্ত্ৰীৰ এই মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আপৰ নেতা কমলকুমাৰ মেধিয়ে কয়, ‘‘মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ পদমৰ্যদাৰ পৰা তললৈ নামি আন এগৰাকী মুখ্যমন্ত্ৰীক ভয় ভাবুকি প্ৰদান কৰিছে ৷ হিটলাৰৰ দৰে, ফেচীবাদী শাসকৰ দৰে কথা কৈছে হিমন্ত বিশ্ব শৰ্মাই ৷’’ ভাৰতৰ সংবিধান বিজেপিৰ মুখ্যমন্ত্ৰী বাবে নহয় বুলিও মন্তব্য কৰে কমল কুমাৰ মেধীয়ে (Kamal Kumar Medhi) ৷  

উল্লেখ্য যে, 2 এপ্ৰিলত গুৱাহাটীলৈ আহিব আপৰ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল আৰু পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত সিং মান (KejriwaL visit to Assam) ৷  

লগতে পঢ়ক: Kejriwal to visit Guwahati: অসম ভ্ৰমণৰ পূৰ্বেই অৰবিন্দ কেজৰিৱালক হিমন্ত বিশ্বৰ প্ৰত্যাহ্বান 

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.