Strom in Kalgachia: প্ৰচণ্ড ধুমহাত ক্ষতিগ্ৰস্ত কলগাছিয়াৰ ভিন্ন প্ৰান্ত - Power supply disrupted due to storm

🎬 Watch Now: Feature Video

thumbnail

By

Published : Apr 29, 2023, 10:51 PM IST

কলগাছিয়া, ২৯ এপ্ৰিল: শুকুৰবাৰে নিশাত অহা এজাক প্ৰচণ্ড ধুমুহাত কলগাছিয়াৰ বিভিন্ন প্ৰান্তত বিস্তৰ ক্ষতিসাধন(Heavy Strom in Kalgachia) । কলগাছিয়াৰ ঘিলাঝাৰী, হৰহৰিদ, ৰহা, মাদুলিজাৰ, চৰচৰিয়া আদি অঞ্চলত ৰাইজৰ ঘৰদুৱাৰ ভাঙি সৃষ্টি হয় এক হাহাকাৰময় পৰিৱেশৰ । লগতে বৃহৎ বৃহৎ গছ উভালি পৰাৰ ফলত ভাঙি গৈছে বিদ্যুতৰ খুঁটা (Power supply disrupted due to storm) ।  

ধুমুহাৰ ফলত হৰহৰিদ আৰু ঘিলাঝাৰী গাঁৱৰ প্ৰায় প্ৰত্যেক ঘৰে ঘৰে বিস্তৰ ক্ষতি হোৱা বুলি স্থানীয় গাঁওপ্ৰধানে জানিবলৈ দিয়ে । প্ৰায় এক সহস্ৰাধিক ঘৰৰ লগতে বিভিন্ন গছ গছনি ভাঙি পৰে ধুমুহাজাকত । লগতে ঘিলাঝাৰী মন্দিৰৰ চৌহদত থকা ঘৰৰ টিনপাতৰ চাল উঠাই লৈ যায় (Many trees falling on road in strom) । কাৰোবাৰ ঘৰৰ টিনপাত যদি গছৰ ওপৰত আন কাৰোবাৰ যদি বিদ্যুতৰ খুঁটাৰ ওপৰত আন কাৰোবাৰ টিনপাত বিছৰিয়েই পোৱা নাই । চৰকাৰৰ ওচৰত ক্ষতিপূৰণৰ দাবী জনাইছে ভুক্তভোগীয়ে । 

লগতে পঢ়ক: Child marriage at Mariani: মৰিয়নিত বাল্যবিবাহৰ বলি হোৱা কিশোৰীক উদ্ধাৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.