thumbnail

Storms effects Merapani: মেৰাপানীৰ সীমান্তত প্ৰচণ্ড ধুমুহা

By

Published : Oct 18, 2022, 11:47 AM IST

Updated : Feb 3, 2023, 8:29 PM IST

ৰাজ্যৰ চাৰিওফালে চলিছে কাতি বিহুৰ প্ৰস্তুতি (Kati Bihu 2022)। কিন্তু তাৰ মাজতে প্ৰকৃতিৰ ৰোষত পৰিল মেৰাপানী । গোলাঘাট জিলাৰ মেৰাপানীৰ সীমান্তৰ কেইবাখনো গাঁৱত প্ৰচণ্ড ধুমুহা-বৰষুণে তচনচ কৰিলে মানুহৰ ঘৰ-দুৱাৰৰ লগতে খেতি-পথাৰ (Storm destroyed property in Merapani)। পুৱতি নিশা অহা মুষলধাৰ বৰষুণৰ লগতে ধুমুহাই অঞ্চলটোৰ গছ-গছনি উভালি পেলোৱাৰ লগতে বিদ্যুতৰ সংযোগ ব্যাহত কৰে । মেৰাপানী অঞ্চলৰ চাউদাংপথাৰ, তৰাণি মেৰাচুক, আঠখেলীয়া, বাৰীচোৱা আদি কেইবাখনো গাঁৱত বিস্তৰ ক্ষতি সাধন হোৱা দেখা গৈছে (Heavy storm in Merapani)। বিভিন্ন লোকৰ খেতি পথাৰৰো বিস্তৰ ক্ষতিসাধন হোৱাৰ লগতে ঘৰ-দুৱাৰ ভাঙি হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে ।
Last Updated : Feb 3, 2023, 8:29 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.