হাগ্ৰামা মহিলাৰীৰ মতে তিনিখন আসনত বিপিএফ হ’ব জয়ী, মন্ত্ৰিত্বও ল’ব কেন্দ্ৰত

By ETV Bharat Assamese Team

Published : Nov 30, 2023, 10:56 PM IST

thumbnail

বাক্সা, ৩০ নৱেম্বৰ : বাক্সাৰ শিমলাত বিপিএফ দলৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা ৷ সভাত বিপিএফ দলৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ ঘোষণা, ‘‘ এইবাৰ কোকৰাঝাৰৰ লগতে দৰং-ওডালগুৰি লোকসভা সমষ্টিতো জয়ী হ’ব বিপিএফ ৷’’

আনকি কেন্দ্ৰীয় চৰকাৰত ল’ব এগৰাকী কেন্দ্ৰীয় মন্ত্ৰীৰ পদো ৷ প্ৰাক্তন মন্ত্ৰী চন্দন ব্ৰহ্ম সম্পৰ্কেও মন্তব্য হাগ্ৰামা মহিলাৰীৰ ৷ এন ডি এত যোগদানৰ বাবে দিল্লীত বাহৰ পতা সন্দৰ্ভতো মন্তব্য মহিলাৰীৰ ৷ দিল্লীলৈ বোলে ফুৰিবলৈহে গৈছিল বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰী ৷

সভাত বিজেপি নেতা তথা প্ৰাক্তন বিধায়ক ইমানুৱেল মুছাহাৰীৰ লগতে আন এগৰাকী প্ৰাক্তন বিধায়ক টিজেন বসুমতাৰীয়ে বিপিএফ দলত যোগদান কৰা বুলি জানিবলৈ দিয়ে ৷ আনহাতে বৰ্তমানলৈকে কোকৰাঝাৰ সমষ্টিৰ বাবে কোনো ব্যক্তিকে প্ৰক্ষেপ কৰা নাই বুলি কয় হাগ্ৰামা মহিলাৰীয়ে ৷

লগতে পঢ়ক : বিজেপি মিত্ৰজোঁট 12 টা সমষ্টিত জিকিব; 3 টাত খোৱা-কামোৰা লাগি বিৰোধী মৰিব: মন্ত্ৰী পীযুষৰ ভৱিষ্যদ্বাণী

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.