Gorkha Students Union: আঠ ছেপ্টেম্বৰত জোনাই কঁপাব গোৰ্খা ছাত্ৰ সন্থাই - আঠ ছেপ্তেম্বৰত জোনাই কঁপাব গোৰ্খা ছাত্ৰ সন্থাই
🎬 Watch Now: Feature Video


Published : Sep 3, 2023, 7:51 PM IST
জোনাই, ৩ ছেপ্টেম্বৰ: শনিবাৰে জোনাইত গোৰ্খা ছাত্ৰ সন্থাৰ উদ্যোগত কাৰ্যনিৰ্বাহক আৰু আলোচনা সভা অনুষ্ঠিত হয় । ধেমাজি জিলা গোৰ্খা ছাত্ৰ সন্থাৰ সভাপতি সমৰাজ পুৰিয়ে সভাপতিত্ব কৰা সভাত মুৰ্কংচেলেক ট্ৰাইবেল বেল্ট এণ্ড ব্লকত বসবাস কৰা গোৰ্খা জনগোষ্ঠীৰ ভূমিৰ অধিকাৰৰ বিষয়ে আলোচনা কৰা হয় । বসুন্ধৰা ২.০ত মুৰ্কংচেলেক ট্ৰাইবেল বেল্ট এণ্ড ব্লকত বসবাস কৰা গোৰ্খা জনগোষ্ঠীৰ লোকসকলক জোনাই ৰাজহ চক্ৰ বিষয়াই কৰা অপমানৰ বিষয়ে গুৰুত্বপূৰ্ণ আলোচনা কৰা হয় ।
জোনাই ৰাজহ চক্ৰ বিষয়াই গোৰ্খা জনগোষ্ঠীক ট্ৰাইবেল বেল্ট এণ্ড ব্লকত সংৰক্ষিত শ্ৰেণী লোক নহয় বুলি কৰা মন্তব্যৰ বিৰুদ্ধে গৰিহণা দিয়ে সংগঠনটোৰ কৰ্মকৰ্তাসকলে । জোনাই ৰাজহ চক্ৰ বিষয়াক ক্ষমা খুজিবলৈ দিয়া সময়সীমা ইতিমধ্যে পাৰ হৈ যোৱাৰ পিছত আৰু গোৰ্খা জনগোষ্ঠীৰ মাটিৰ সমস্যা দূৰ কৰাৰ দাবীত গোৰ্খা ছাত্ৰ সন্থাৰ ধেমাজি জিলা সমিতিয়ে তেওঁৰ বিৰুদ্ধে অহা আঠ ছেপ্টেম্বৰত প্ৰতিবাদী সভা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ।
অহা আঠ চেপ্তেম্বৰত গোৰ্খা ছাত্ৰ সন্থা ধেমাজি জিলা সমিতিয়ৰ উদ্যোগত দহ হাজাৰ গোৰ্খা জনগোষ্ঠীৰ লোকসকলে জোনাই মহকুমাধিপতি কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে । আনহাতে, জোনাই ৰাজহ বিভাগে অতি শীঘ্ৰে গোৰ্খা জনগোষ্ঠীৰ মাটিৰ সমস্যা সমাধান নকৰিলে পথ অৱৰোধকে ধৰি বিভিন্ন ধৰণৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰাৰ হুংকাৰ দিয়ে সংগঠনটোৱে ।
লগতে পঢ়ক: Krishnasura.com: অসমীয়া ৱেব চিৰিজৰ অভিলেখ ভংগ কৰিব নেকি কৃষ্ণচূড়া ডট কমে ?