Golden Jubilee Year celebrated: গোলাঘাটৰ ৰংবঙৰ মহাপুৰুষীয়া পালনাম থানত সোণালী জয়ন্তী বৰ্ষ উদযাপন

By

Published : Dec 8, 2022, 10:31 PM IST

Updated : Feb 3, 2023, 8:35 PM IST

thumbnail
গোলাঘাট জিলাৰ ৰংবংস্থিত একশৰণ ভাগৱতী সমাজ, অসমৰ উদ্যোগত সোণালী জয়ন্তী বৰ্ষ প্ৰতিষ্ঠা দিৱস (Golden Jubilee Year celebrated)উপলক্ষে ৫ ডিচেম্বৰৰ পৰা ৯ ডিচেম্বৰলৈকে অৰ্থাৎ ৫ দিনীয়াকৈ জপ-যজ্ঞ, মহাপালনাম কীৰ্তন কাৰ্যসূচী গ্ৰহণ কৰা হৈছে(Mahapurushiya Palanam Than in Golaghat) ৷ আজি চতুৰ্থটো দিন ৷ আজি পুৱাৰে পৰা নাম প্ৰসংগ, পালনাম কীৰ্তন আদিৰে আকাশ বতাহ মুখৰিত হৈ পৰে হৰি নামৰ ধ্বনিত ৷ আধ্যাত্মিক তথা ভক্তিৰসত বুৰ গৈছে সমগ্ৰ অঞ্চল ৷ ইয়াৰ সমান্তৰালকৈ অনুষ্ঠানৰ লগত সংগতি ৰাখি মৰিগাঁৱৰ এজন বৈষ্ণৱপ্ৰাণ ভকত অনিল কুমাৰ ভূঞাৰ দ্বাৰা প্ৰকাশিত ভক্তি ৰত্নাৱলী গ্ৰন্থৰ কথাৰূপ "ভক্তি ৰত্নকথা" নামৰ এখন ধৰ্মগ্ৰন্থ শুভ উন্মোচন কৰে আচাৰ্য্য দেহেশ্বৰ বৰাই ৷ বিভিন্ন জিলা তথা প্ৰান্তৰ পৰা ভকতৰ আগমন ঘটিছে মহাপুৰুষীয়া এই পালনাম থানলৈ । ভগৱানৰ ওচৰত সেৱা লৈ সকলোৰে মংগল কামনা কৰে ভকত বৈষ্ণৱে ৷
Last Updated : Feb 3, 2023, 8:35 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.