Golden Jubilee celebrate: সৰুপথাৰৰ ডনবস্ক' হাইস্কুলৰ সোণালী জয়ন্তী উদযাপন - সৰুপথাৰৰ ডনবস্কো হাইস্কুলত সোণালী জয়ন্তী উদযাপন

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Oct 5, 2023, 7:14 PM IST

সৰুপথাৰ,৫ অক্টোবৰ: ধনশিৰি মহকুমাৰ সৰুপথাৰস্থিত ডনবস্ক' হাইস্কুলত ৫০ বৰ্ষপূৰ্তি আৰু সোণালী জয়ন্তী উদযাপন কৰে বিদ্যালয়খনে । ১৯৭৩ চনতে প্ৰতিষ্ঠা লাভ কৰা বিদ্যালয়খনে মহকুমাটোৰ শিক্ষা আৰু ক্ৰীড়াৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰি আহিছে । মহকুমাটোৰ এখন অগ্ৰণী শিক্ষানুষ্ঠান যিখন বিদ্যালয়ৰ পৰা বহু ছাত্ৰ-ছাত্ৰীয়ে শিক্ষাৰ জীৱন আৰম্ভ কৰি সমাজ তথা দেশৰ এজন সুদক্ষ ব্যক্তি হৈ উঠিছে । বৃহস্পতিবাৰে সোণালী জয়ন্তী অনুষ্ঠানত প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলৰ লগতে প্ৰাক্তন শিক্ষাগুৰুসকল (ফাডাৰসকল) উপস্থিত হৈ তেওঁলোকে স্মৃতি ৰোমন্থন কৰে ।  

বিদ্যালয়খনত পাৰ কৰি যোৱা অতীতৰ সেই সোণোৱালী দিনবোৰৰ কথা তেওঁলোকে স্মৰণ কৰে । আনন্দমূখৰ হৈ পৰিছে বিদ্যালয়খনৰ বাকৰি । উক্ত অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ডিব্ৰুগড়ৰ পৰা অহা ড° এলবাৰ্ট হেমৰম । আদৰণি ভাষণেৰে বিদ্যালয়খনৰ অধ্যক্ষ ফাডাৰ এলিয়াছ লগুনে সকলোকে আন্তৰিক অভিনন্দন জনায় । লগতে উপস্থিত থাকে বিদ্যালয়খনৰ শিক্ষাগুৰুসকল (ফাডাৰসকল) । তাৎপৰ্যপূৰ্ণ কথা যে ডনবস্কো বিদ্যালয়খনত জাতি-ধৰ্ম নিৰ্বিশেষে সকলো ধৰ্মৰ ছাত্ৰ-ছাত্ৰীয়ে শিক্ষা লাভ কৰিব পাৰে ।

লগতে পঢ়ক: Sports stadium in Baksa: বাক্সাৰ ক্ৰীড়া ষ্টেডিয়ামৰ আধাৰশিলা স্থাপন মুখ্যমন্ত্ৰী শৰ্মাৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.