Gold biscuit seized: গুৱাহাটী ৰে’ল ষ্টেচনত বৃহৎ পৰিমাণৰ সোণৰ বিস্কুট জব্দ - one smuggler arrested
🎬 Watch Now: Feature Video


Published : Oct 8, 2023, 5:28 PM IST
গুৱাহাটী, ৮ অক্টোবৰ: ক্ৰমাৎ অপৰাধৰ ৰম্যভূমিলৈ পৰিণত হৈছে গুৱাহাটী মহানগৰী ৷ এইবাৰ গুৱাহাটী ৰে’ল ষ্টেচনত বৃহৎ পৰিমাণৰ সোণ জব্দ । দেওবাৰে পুৱা প্ৰায় ৮ বজাত ৰে’ল আৰক্ষীয়ে আগৰতলা দেওঘৰ এক্সপ্ৰেছত অভিযান চলাই ১৩ খন সোণৰ বিস্কুট জব্দ কৰাৰ লগতে এটা সৰবৰাহকাৰী গ্ৰেপ্তাৰ কৰে । ধৃত সৰবৰাহকাৰীটো মহাৰাষ্ট্ৰৰ অমৰ নাথ অশোক স্বাৱন(৩০) বুলি জানিব পৰা গৈছে ।
আৰক্ষীয়ে জনোৱা অনুসৰি, ধৃত সৰবৰাহকাৰীটোৱে আগৰতলা দেওঘৰ এক্সপ্ৰেছেৰে আগৰতলাৰ পৰা মহাৰাষ্ট্ৰৰলৈ সোণৰ বিস্কুটখিনি সৰবৰাহ কৰাৰ পৰিকল্পনা কৰিছিল । সৰবৰাহকাৰীটোৱে কঁকালত বান্ধি লুকুৱাই আনিছিল সোণৰ বিস্কুটখিনি । জব্দ কৰা সোণখিনিৰ ওজন ১.৫২৩ কেজি । ৰেল আৰক্ষীয়ে ধৃত সৰবৰাহকাৰীটোৰ পৰা নগদ ৬৪,৫০০ টকা জব্দ কৰে । উল্লেখ্য যে, বিগত বিভিন্ন সময়ত আৰক্ষীৰ চকুত ধূলি দি একাংশই ৰে’লপথেৰে অবৈধ সামগ্ৰী সৰবৰাহ অব্যাহত ৰাখিছে ৷
লগতে পঢ়ক: Crime in Nagaon:ধিঙত কুখ্যাত মাফিয়াসহ গ্ৰেপ্তাৰ ৫ তীৰৰ বুকি