GMC Raid in Bhetapara Market: ভেটাপাৰাৰ বজাৰত গুৱাহাটী পৌৰ নিগমৰ অভিযান

By

Published : Mar 27, 2023, 12:49 PM IST

thumbnail

গুৱাহাটী, ২৭ মাৰ্চ: মহানগৰীৰ ভেটাপাৰা বজাৰত গুৱাহাটী পৌৰ নিগমৰ অভিযান ৷ অভিযান কালত বহুকেইখন কাঠ আৰু বাঁহৰ দোকান উচ্ছেদ কৰে পৌৰ নিগমে (GMC Raid in Bhetapara Market) । দীৰ্ঘদিনৰ পৰা ৰাজপথ দখল কৰি ভেটাপাৰা বজাৰ অঞ্চলত একাংশ ব্যৱসায়ীয়ে চলাই আহিছিল ব্যৱসায় ৷ উল্লেখযোগ্য যে, ৰাজপথ দখল কৰি ব্যৱসায় চলাই থকা দোকানবোৰ বাৰে বাৰে ভাঙি দিয়া হয় যদিও পুনৰ সেই একে স্থানতে নতুনকৈ দোকান নিৰ্মাণ কৰা দেখা যায় ৷ 

সেয়েহে আৰু কোনো লোকে এনেদৰে ৰাজপথ দখল কৰি ব্যৱসায় চলাই তেন্তে তেনে লোকক ৫০০০ টকা পৰ্যন্ত জৰিমনা বিহা হ'ব বুলি জানিবলৈ দিয়ে GMC ৰ বিষয়াই (GMC drive against illegal shops) ৷ লগতে বিষয়াগৰাকীয়ে উল্লেখ কৰে যে, এইক্ষেত্ৰত সাধাৰণ জনতাক সজাগ কৰিবলৈ GMCৰ তৰফৰ পৰা নিৰ্দিষ্ট ঠাইসমূহত বেনাৰ-পোষ্টাৰ লগোৱাৰ ব্যৱস্থা কৰা হ'ব (Guwahati Municipal Corporation) ৷

লগতে পঢ়ক:Bishal Janajati Gana Samawesh: গুৱাহাটীত ধৰ্ম সংস্কৃতি সুৰক্ষা মঞ্চৰ বিশাল জনজাতি গণ সমাৱেশ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.