Girl molested: চৰকাৰী চাৰু-কাৰু কলা মহাবিদ্যালয়ত জঘন্য ঘটনা
🎬 Watch Now: Feature Video
Published : Nov 10, 2023, 4:42 PM IST
গুৱাহাটী,১০ নৱেম্বৰ: হীৰক জয়ন্তী বৰ্ষ গৰকি যোৱা বশিষ্ঠৰ চৰকাৰী চাৰু-কাৰু কলা মহাবিদ্যালয়ত সংঘটিত হৈছে লাজ লগা ঘটনা । পৱিত্ৰ শিক্ষানুষ্ঠানৰ কৰ্মীৰ দ্বাৰা শাৰীৰিক নিৰ্যাতনৰ বলি কলেজীয়া ছাত্ৰী । চতুৰ্থবৰ্গৰ কৰ্মচাৰীয়ে নাক কাটিলে মহাবিদ্যালয়খনৰ ঐতিহ্য-গৰিমাৰ । শাৰীৰিকভাৱে নিৰ্যাতনৰ বলি হোৱা চাৰিগৰাকী ছাত্ৰীৰ বিস্ফোৰক অভিযোগ দাখিল কৰিছে কলেজ কৰ্তৃপক্ষক ।
চাৰু-কাৰু কলা মহাবিদ্যালয়ৰ অধ্যক্ষক লিখিত অভিযোগ দাখিল কৰিছে ভুক্তভোগী ছাত্ৰীয়ে । মহাবিদ্যালয়খনৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী লাহেশ্বৰ দাসৰ বিৰুদ্ধে চাৰি ছাত্ৰীয়ে মুকলিকৈ তুলিলে শাৰীৰিক নিৰ্যাতনৰ অভিযোগ । চাৰু কাৰু কলা ক্ষেত্ৰৰ একমাত্ৰ শিক্ষানুষ্ঠানখনত সংঘটিত এই কাণ্ডক লৈ লজ্জানত সকলো । সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ দ্বাৰা পৰিচালিত একমাত্ৰ মহাবিদ্যালয়খনত ভিতৰচ'ৰাত এতিয়া তীব্ৰ প্ৰতিক্ৰিয়া ।
ইতিমধ্যে শিক্ষানুষ্ঠানখনে অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ উৰ্ধতম কৰ্তৃপক্ষক লিখিত প্ৰতিবেদন দাখিল কৰিছে বুলি জানিবলৈ দিয়ে । লগতে কৰ্মচাৰীজনক কিছুদিনৰ বাবে সাময়িকভাৱে মহাবিদ্যালয়খনলৈ আহিবলৈ বাধা প্ৰদান কৰিছে অধ্যক্ষগৰাকীয়ে ।
লগতে পঢ়ক: Theft Incident: ভাঙিব নোৱাৰি লক্ষাধিক টকাভৰ্তি লকাৰকে লৈ গ’ল চোৰে