Targic incident : পানী সিঁচা মেচিনে প্ৰাণ ল'লে সপ্তম শ্ৰেণীৰ ছাত্ৰীৰ - পানী সিঁচা মেচিনে প্ৰাণ ললে কিশোৰীৰ
🎬 Watch Now: Feature Video
নলবাৰী,৯ এপ্ৰিল : ঘাটকৰূপী এটা পানী সিঁচা মেচিন । পানী সিঁচা মেচিনে প্ৰাণ ল'লে নলবাৰী জিলাৰ বৰক্ষেত্ৰী কাউৰাখাটী চৰৰ এগৰাকী কিশোৰীৰ (Girl dies in water sowing machine accident)। পথাৰত পানী সিঁচি থকা সময়তে দুৰ্ঘটনাত পতিত হৈ মৃত্যু কিশোৰীগৰাকীৰ । সমগ্ৰ ঘটনাক লৈ শোকৰ ছাঁ পৰিছে অঞ্চলটোত (Tragic incident in Nalbari)।
কিশোৰীগৰাকীৰ নাম ফৰিদা বেগম । পৰিয়ালৰ লোকে জনোৱা মতে ১৩ বছৰীয়া ফৰিদাই ঘৰৰ ওচৰতে পথাৰত পানী সিঁচা মেচিনৰ কাষত গা ধুৱলৈ গৈছিল । গা ধুই থাকোতেই হঠাৎ কিশোৰীগৰাকী পিচলি মেচিনটোৰ ওপৰতে পৰে । লগে লগে কিশোৰীগৰাকীৰ চুলি মেচিনৰ চকাত সোমাই যায় । লগতে কিশোৰীগৰাকীয়ে মূৰত গুৰুতৰ আঘাত পায় ।
পৰিয়ালৰ লোক আৰু স্থানীয় একাংশই গুৰুতৰভাৱে আহত কিশোৰীগৰাকীক উদ্ধাৰৰ চেষ্টা চলাই যদিও থিতাতে মৃত্যু হয় ফৰিদাৰ (Girl dies after falling on a water sowing machine)। ইতিমধ্যে কিশোৰীগৰাকীৰ মৃতদেহটো পৰিয়ালৰ লোকে শিয়ালমাৰী চৰ আৰক্ষীৰ সহযোগত মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে । নিহত সপ্তম শ্ৰেণীৰ ছাত্ৰী ফৰিদা কাউৰাখাটী চৰৰ ফুলবৰ আলীৰ কন্যা আছিল । কিশোৰীগৰাকীৰ এনে কৰুণ মৃত্যুৱে অঞ্চলজুৰি শোকৰ ছাঁ পেলাইছে ।
লগতে পঢ়ক :Road accident at Dima Hasao : ডিমা হাছাও পথ দুৰ্ঘটনাত এগৰাকী মহিলাসহ তিনিগৰাকী যাত্ৰীৰ মৃত্যু