thumbnail

By ETV Bharat Assamese Team

Published : Sep 25, 2023, 7:29 PM IST

ETV Bharat / Videos

Leopard caged: প্ৰকাণ্ড নাহাৰফুটুকী বাঘ পিঞ্জৰাৱদ্ধ

যোৰহাট, 25 ছেপ্টেম্বৰ : যোৰহাট জিলাৰ তিতাবৰৰ কৰঙাখাত গাঁৱত সোমবাৰে এটা প্ৰকাণ্ড নাহৰফুটুকী বাঘ পিঞ্জৰাৱদ্ধ হয় ৷ বিগত কিছুদিন ধৰি অঞ্চলটোত গাঁৱৰ গৰু ছাগলীকে ধৰি অন্য পোহনীয়া জন্তু ভক্ষণ কৰি সন্ত্ৰাসৰ সৃষ্টি কৰি আছিল বাঘটোৱে। 

বাঘটো ধৰিবলৈ গাঁৱৰ ৰাইজে তিতাবৰ বন বিভাগৰ লগত যোগাযোগ কৰাত শনিবাৰে বন বিভাগে দুটা পিঞ্জৰা স্থাপন কৰাৰ পাচত অৱশেষত আজি নাহৰফুটুকী বাঘটো পিঞ্জৰাৱদ্ধ কৰিবলৈ সক্ষম হয়। অৱশ্যে হাবি জংঘলেৰে পৰিপূৰ্ণ অঞ্চলটোত কেইবাটাও বাঘৰ পোৱালিৰ আছে বুলি ৰাইজে মন্তব্য কৰিছে। মাইকী নাহৰফুটুকী বাঘটো পিঞ্জৰাৱদ্ধ কৰাত স্বস্তিৰ নিশ্বাস পেলাইছে গাঁওবাসীয়ে। 

ইতিমধ্যে অঞ্চলটোত আৰু নাহৰফুটুকী বাঘে বিচৰণ কৰাৰ কথা ৰাইজ অৱগত হৈ এই ক্ষেত্ৰত বন বিভাগক বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে। উল্লেখ্য যে, তিতাবৰৰ বিভিন্ন প্ৰান্তত নাহৰফুটুকী বাঘে বিচৰণ কৰাৰ লগতে পোহনীয়া জীৱ-জন্তু ভক্ষণ কৰাৰ ফলত উজাগৰী নিশা পাৰ কৰিবলৈ বাধ্য হৈছে ৷

লগতে পঢ়ক: Fake currency making Machine seized: নগাঁৱত জব্দ জালনোট প্ৰস্তুত কৰা মেচিন; ড্ৰাগছসৰবৰাহকাৰীও আটক

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.