zinc sulfate seized in Barpeta:বৰপেটা আৰক্ষীৰ অভিযানত জব্দ বৃহৎ পৰিমাণৰ বিনামূলীয়া জিংক ছালফেট

🎬 Watch Now: Feature Video

thumbnail

বৰপেটা, ২৬ আগষ্ট : বৰপেটাত কলা বজাৰত বিক্ৰী হৈ আছে কৃষি বিভাগৰ বিনামূলীয়া জিংক ছালফেট  ৷ বৰপেটা আৰক্ষীৰ অভিযানত জব্দ বৃহৎ পৰিমানৰ বিনামূলীয়া জিংক ছালফেট ৷ বৰপেটাত আৰক্ষীয়ে অভিযান চলাই ২৫ বেগ জিংক ছালফেটসহ আটক কৰে ব্যৱসায়ী আছাদ আলী আৰু বাহনখনৰ চালক বাবুল খানক ৷

AS 15 AC 6174 নম্বৰৰ বাহনখনেৰে বৰপেটাৰোডৰ দহ মাইলৰ পৰা ব্ৰহ্মপুত্ৰৰ দক্ষিণপাৰৰ সোণতলিলৈ দুয়োৱে কঢ়িয়াই আনিছিল জিংক ছালফেট ৷ বৰপেটা আৰক্ষীয়ে গোপন খবৰৰ ভিত্তিত এই অভিযান চলাই জব্দ কৰে জিংক ছালফেটসমূহ ৷ আৰক্ষীয়ে আটক কৰা ব্যৱসায়ীয়ে জনোৱা মতে কুইন্টলে প্ৰতি একহাজাৰ সাতশ টকাত ক্ৰয় কৰি আনিছিল বিনামূলীয়া জিংক ছালফেট  ৷

ৰাজ্যৰ কৃষি বিভাগে কৃষকক বিনামূলীয়াকৈ প্ৰদান কৰা জিংক ছালফেট কিদৰে ক’লা বজাৰত বিক্ৰী হৈ আছে সেই লৈ বৰপেটাত সৃষ্টি হৈছে চাঞ্চল্যৰ ৷ কৃষকে বিনামূলীয়াভাৱে পাব লগা জিংক ছালফেট সমূহ কোনে কেনেকৈ মুকলিকৈ বিক্ৰী কৰিছে আৰু এই ক’লা ব্যৱসায়ৰ সৈতে কোন জড়িত সেই কথা বিচাৰি উলিয়াবলৈ সক্ষম হ’বনে আৰক্ষী ৷

লগতে পঢ়ক : Fake journalist arrested: ধনদাবী কৰি কলগাছিয়াত আটক তিনি ভুৱা সাংবাদিক

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.