ETV Bharat / politics

মন বেয়া লাগিলে ব্যৱসায় বন্ধ কৰি দিম ! কাক উদ্দেশ্যি কিয় ক’লে মন্ত্ৰী জয়ন্তই - ASSAM BYE ELECTION 2024

পাঁচো সমষ্টিত নিজৰ আধিপত্য বিস্তাৰ কৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰি আছে বিজেপিয়ে ৷ ধলাইত বিজেপি প্ৰাৰ্থী নিহাৰ ৰঞ্জন দাসৰ হৈ ৰণশিঙা বজালে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই ৷

Jayanta Mallabaruah election campaign for Dholai BJP candidate Nihar Ranjan Das
ধলাইত বিজেপি প্ৰাৰ্থী নিহাৰ ৰঞ্জন দাসৰ হৈ ৰণশিঙা বজালে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই (Jayanta Mallabaruah's twitter)
author img

By ETV Bharat Assamese Team

Published : Nov 8, 2024, 2:25 PM IST

শিলচৰ : উপ-নিৰ্বাচন হ’লেও ইয়াক যথেষ্ট গুৰুত্বসহকাৰে লৈছে বিজেপিয়ে ৷ পূৰ্বতে দখল কৰি থকা আসন কেইখন কোনো কাৰণতে হাতৰ পৰা যাবলৈ দিব খোজা নাই গেৰুৱা বাহিনীয়ে ৷ যাৰ বাবে মন্ত্ৰী-বিধায়ক সমন্বিতে সকলো নামি পৰিছে ভোটযুদ্ধত ৷

ৰাজ্যিক বিজেপিয়ে ভাগে ভাগে মন্ত্ৰী-বিধায়কক দায়িত্ব দিছে প্ৰচাৰৰ বাবে ৷ সেই দায়িত্ব লৈ বিগত দিনকেইটাত কাছাৰ জিলাৰ ধলাই সমষ্টিত ভোটাৰক বিজেপিৰ প্ৰতি আকৃষ্ট কৰাৰ আখৰাত ব্যস্ত হৈ আছে মন্ত্ৰী জয়ন্ত মল্লবৰুৱা ৷

ধলাইত বিজেপি প্ৰাৰ্থী নিহাৰ ৰঞ্জন দাসৰ হৈ ৰণশিঙা বজালে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই (ETV Bharat Assam)

পূৰ্বে বিজেপিৰ জ্যেষ্ঠ নেতা পৰিমল শুক্লবৈদ্যৰ দখলত থকা ধলাই সমষ্টিত এইবাৰ বিজেপিৰ প্ৰাৰ্থী হৈছে নিহাৰ ৰঞ্জন দাস ৷ কাছাৰ জিলাৰ বিজেপিৰ উপসভাপতি অমিয় কান্তি দাস সমষ্টিটোৰ পৰা প্ৰাৰ্থিত্বৰ দাবীদাৰ আছিল যদিও তেওঁক টিকট নিদিলে গেৰুৱা বাহিনীয়ে ৷ ফলত দল এৰি নিৰ্দলীয়ভাৱে নিৰ্বাচন খেলাৰ উদ্দেশ্যে মনোনয়ন দাখিল কৰিছিল অমিয় কান্তি দাসে ৷ কিন্তু মুখ্যমন্ত্ৰীৰ অনুৰোধত আৰু মন্ত্ৰী জয়ন্তৰ বুজনিত অৱশেষত মনোনয়ন প্ৰত্যহাৰ কৰে নেতাগৰাকীয়ে ৷

দলৰ প্ৰতি ক্ষোভিত হৈ অমিয় কান্তি দাসে অভিযোগ কৰিছিল যে বিজেপিয়ে এজন বাংলাদেশী মূলৰ লোকক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে ৷ যিটো মন্তব্যৰ স্বাভাৱিকতেই ধলাইত চাঞ্চল্যৰ সৃষ্টি কৰিছিল ৷ এতিয়া তাৰেই পাৰ্শ্বক্ৰিয়া নোহোৱা কৰাৰ বাবে দিন-ৰাতি একাকাৰ কৰিব লগীয়া হৈছে মন্ত্ৰী জয়ন্তই ৷

লগতে পঢ়ক : চামগুৰিত মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী দামামা; একালৰ বন্ধু ৰকিবুল হুছেইন বহিল প্ৰতিবাদত

উল্লেখ্য যে, ধলাই সমষ্টিত হিন্দু ভোটাৰৰ লগতে যথেষ্ট সংখ্যক সংখ্যালঘু মুছলমান ভোটাৰো আছে ৷ এইসকল ভোটাৰক আকৰ্ষণ কৰাটো জৰুৰী বুলিও বিবেচনা কৰিছে বিজেপিয়ে ৷ গতিকে ধলাইৰ সংখ্যালঘু অধ্যুষিত অঞ্চলত সভা পাতি মন্ত্ৰী জয়ন্তই ব্যাখ্যা কৰিছে কংগ্ৰেছে কি সংখ্যালঘুক কি দিয়া নাছিল আৰু বিজেপিয়ে কি দিছে ৷

  • আঁচনি লয়, ভোট নিদিয়ে :

ধলাইৰ ভাগা বজাৰত নিহাৰ ৰঞ্জন দাসৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই সংখ্যালঘূ মুছলমান ৰাইজক উদ্দেশ্যি কেবাটাও মন্তব্য কৰে জয়ন্ত মল্লবৰুৱাই ৷ তেওঁ কয় যে সংখ্যালঘু মানুহে চৰকাৰৰ পৰা আঁচনিসমূহ লয়, কিন্তু ভোট নিদিয়ে ৷ বাৰে বাৰে তেওঁলোকে এনেকুৱাই কৰি থাকে ৷

কাছাৰত যিসকল সংখ্যালঘু মুছলমানে ব্যৱসায়-বাণিজ্য কৰি আছে তেওঁলোকক বিজেপিয়ে কেতিয়াও অসুবিধা দিয়া নাই ৷ কিন্তু বাৰে বাৰে যদি ভোট নিদি কেৱল আঁচনিৰ সুবিধা লয়, তেন্তে বিজেপিৰো এদিন মন বেয়া লাগিব বা ব্যৱসায় বাণিজ্যত বাধা দিবলৈ মন যাব ৷

লগতে পঢ়ক : 'ককা, পুত্ৰ নাতি এমএলএ হ’ব, বাকীবোৰে আমুল গাখীৰ খাই থাকিব লাগিব ৷' কংগ্ৰেছৰ পৰিয়ালকেন্দ্ৰিক ৰাজনীতিক লৈ সৰৱ মুখ্যমন্ত্ৰী

নিজকে কাছাৰৰ অভিভাৱক মন্ত্ৰী বুলি উল্লেখ কৰি মন্ত্ৰী জয়ন্তই পুনৰ কয় যে যদিহে তেওঁৰ মন বেয়া লাগে, তেন্তে সংখ্যালঘু লোকসকলৰ বেপাৰ-বাণিজ্য বন্ধ কৰি দিবলৈয়ো মন যাব পাৰে ৷ এই বাক্যশাৰীৰ দ্বাৰা বিজেপিৰ নেতাগৰাকীয়ে সংখ্যালঘু মুছলমানক বিজেপি প্ৰাৰ্থীক ভোট দিবলৈ আওপকীয়াকৈ ভাবুকি প্ৰদান কৰা বুলি চৰ্চা হৈছে ৷

  • বিজেপিয়ে বহুত কৰিছে সংখ্যালঘু মুছলমানৰ বাবে:

মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই নিজৰ ভাষণত বিজেপি চৰকাৰে সংখ্যালঘু মুছলমানৰ বাবে কৰা কামৰো খতিয়ান দাঙি ধৰে ৷ তেওঁ কয় যে কংগ্ৰেছে সংখ্যালঘু অধ্যুষিত এলেকাত এখনো মহাবিদ্যালয় স্থাপন কৰা নাছিল ৷ কিন্তু বিজেপি চৰকাৰে সমগ্ৰ অসমৰ সংখ্যালঘু অধ্যুষিত এলেকাত 9 খনকৈ মহাবিদ্যালয় স্থাপন কৰিছে ৷ বিজেপিয়ে বিচাৰে সংখ্যালঘু মুছলমান লোকৰ ল’ৰা-ছোৱালীয়েও পঢ়ি-শুনি আগুৱাই যাওক ৷

বৰ্তমান কেন্দ্ৰত চলি আছে নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিজেপি চৰকাৰ ৷ ৰাজ্যত হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বটো বিজেপি চৰকাৰে শাসন চলাই আছে ৷ এইবাৰ শিলচৰ সমষ্টিৰ পৰা বিজেপিৰে সাংসদ হিচাবে পৰিমল শুক্লবৈদ্য নিৰ্বাচিত হৈছে ৷ গতিকে ত্ৰিপল ইঞ্জিন চালিত গতিৰে উন্নয়ন বিচাৰিলে বিজেপি প্ৰাৰ্থীৰ নিহাৰ ৰঞ্জন দাসক ভোট দিয়াৰ বাহিৰে বিকল্প নাই বুলি মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই সংখ্যালঘু ৰাইজক কয় ৷

লগতে পঢ়ক : কোন ‘অঁকৰা ল’ৰা’ই বিহালীৰ ৰাইজক গাখীৰ খুৱাবলৈ ‘মতা গৰু’ আনিছে ?

লগতে পঢ়ক : ৰকিবুল হুছেইনৰ ঘৰৰ কাম কৰিবলৈ অসম চৰকাৰে দৰমহা দি থকা নাই: চামগুৰি নিৰ্বাচনী সভাত মুখ্যমন্ত্ৰীৰ তীব্ৰ আক্ৰমণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.