গুৱাহাটী : ৰাজ্যৰ গ্ৰামাঞ্চলত বিশেষকৈ ভিতৰুৱা অঞ্চলসমূহৰ চৰকাৰী চিকিৎসালয়সমূহত অভাৱ হৈছে বিশেষজ্ঞ চিকিৎসকৰ । আনকি বহু অঞ্চলৰ চিকিৎসালয়ত সাধাৰণ এম বি বি এছ চিকিৎসকো নাই । ভিতৰুৱা অঞ্চলৰ চৰকাৰী চিকিৎসালয়সমূহত সাধাৰণতে চিকিৎসকসকলে যাবলৈ নিবিচাৰে । যাৰ বাবে এই সংকটে দেখা দিছে । ৰাজ্যৰ ভিতৰুৱা অঞ্চলসমূহত চিকিৎসকৰ অভাৱ থকাৰ কথাটো খোদ চৰকাৰী এক বিজ্ঞাপনে স্পষ্ট কৰিছে । চিকিৎসকৰ অভাৱৰ এনে পৰিস্থিতিৰ বাবেই ৰাজ্য চৰকাৰে গ্ৰামাঞ্চলত চিকিৎসা সেৱা আগবঢ়োৱাৰ বাবে চিকিৎসকসকলক বেতনৰ উপৰিও বৃহৎ পৰিমাণৰ ভাট্টা প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ।
ভিতৰুৱা অঞ্চলত অভাৱ চিকিৎসকৰ :
লক্ষণীয় বিষয় যে অসমত বিভিন্ন কাৰণত চৰকাৰী চাকৰি ত্যাগ কৰা চিকিৎসকৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছে । কম বেতনৰ লগতে মানসিক হেঁচাৰ বাবে বহুসংখ্যক চিকিৎসকে চৰকাৰী চাকৰি ত্যাগ কৰি ব্যক্তিগত খণ্ডৰ চিকিৎসালয়, মেডিকেল কলেজত যোগদান কৰিছে । এনে পৰিস্থিতিত ৰাজ্যখনৰ বহু অঞ্চলত চিকিৎসকৰ অভাৱ ঘটিছে । বিশেষকৈ ভিতৰুৱা অঞ্চলত চিকিৎসকৰ অভাৱে স্বাস্থ্যখণ্ডত ব্যাপক প্ৰভাৱ পেলাইছে । সাধাৰণ জনতাই চিকিৎসা লাভৰ বাবে হাহাকাৰ কৰিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে । এনে পৰিস্থিতিত উদ্বিগ্ন ৰাজ্য চৰকাৰে এক বিজ্ঞাপনযোগে ভিতৰুৱা অঞ্চলত কাম কৰিব বিচৰা বিশেষজ্ঞ আৰু মেডিকেল অফিচাৰৰ (এম বি বি এছ)বাবে অধিক ভাট্টা দিয়াৰ কথা প্ৰকাশ কৰিছে ।
বিজ্ঞাপনযোগে বিশেষ সুবিধা স্বাস্থ্য বিভাগৰ :
স্বাস্থ্য বিভাগৰ প্ৰকাশিত বিজ্ঞাপন অনুসৰি ৰাজ্যৰ স্বাস্থ্য বিভাগে দক্ষিণ শালমাৰা জিলাৰ হাটশিঙিমাৰীত থকা জিলা চিকিৎসালয়, পশ্চিম কাৰ্বি আংলং জিলাৰ হামৰেণ মহকুমা অসামৰিক চিকিৎসালয়, ডিমা হাছাও জিলাত থকা হাফলং অসামৰিক চিকিৎসালয়, মাজুলী জিলাত থকা শ্ৰীশ্ৰী পীতাম্বৰদেৱ গোস্বামী জিলা চিকিৎসালয়, বাক্সা জিলাত থকা ডাঃ ৰবি বড়ো অসামৰিক চিকিৎসালয়, ধুবুৰী জিলাত থকা চাপ্ৰা কমিউনিটী হেল্থ চেণ্টাৰ তথা বি পি এইচ চি, হাইলাকান্দি জিলাৰ এছ কে ৰয় অসামৰিক হাস্পতাল, কৰিমগঞ্জ জিলাত থকা কৰিমগঞ্জ অসামৰিক চিকিৎসালয়, পশ্চিম কাৰ্বি আংলং জিলাত থকা খেৰনি উপ স্বাস্থ্য কেন্দ্র তথা মডেল হাস্পতালৰ বাবে বিশেষজ্ঞ চিকিৎসক আৰু মেডিকেল অফিচাৰ (এম বি বি এছ) বিচাৰিছে ।
ইয়াৰ ভিতৰত দক্ষিণ শালমাৰা জিলাৰ হাটশিঙিমাৰীত থকা জিলা চিকিৎসালয়, পশ্চিম কাৰ্বি আংলং জিলাৰ হামৰেণ মহকুমা অসামৰিক চিকিৎসালয়ত নিযুক্তি দিবলগীয়া বিশেষজ্ঞ চিকিৎসকক প্রতি মাহে ৮০ হাজাৰ টকা উদগনিমূলক ভাট্টা আৰু ২০ হাজাৰ টকা পৰিবহণৰ বাবে সুকীয়াকৈ প্ৰদান কৰা হ'ব বুলি উল্লেখ কৰা হৈছে । আনহাতে হাফলং অসামৰিক চিকিৎসালয় আৰু মাজুলীৰ শ্ৰীশ্ৰী পীতাম্বৰদেৱ গোস্বামী জিলা চিকিৎসালয়ত বিশেষজ্ঞ চিকিৎসকে প্রতিমাহে ৭৫ হাজাৰ টকা উদগনিমূলক ভাট্টা আৰু ২০ হাজাৰ টকা পৰিবহণৰ বাবে সুকীয়াকৈ লাভ কৰিব ।
একেদৰে বাক্সা জিলাত থকা ডাঃ ৰবি বড়ো অসামৰিক চিকিৎসালয়, ধুবুৰী জিলাত থকা চাপ্ৰা কমিউনিটী হেল্থ চেণ্টাৰ তথা বি পি এইচ চি, হাইলাকান্দি জিলাৰ এছ কে ৰয় অসামৰিক হস্পিটেল, কৰিমগঞ্জ অসামৰিক চিকিৎসালয়, খেৰনি উপ স্বাস্থ্য কেন্দ্র তথা মডেল হাস্পতালত বিশেষজ্ঞ চিকিৎসকে লাভ কৰিব প্ৰতিমাহে ৫০ হাজাৰ টকা উদগনিমূলক ভাট্টা আৰু পৰিবহণৰ বাবে ১৫ হাজাৰ টকা ।
মেডিকেল অফিচাৰৰ বাবে কি আছে বিজ্ঞাপনত :
লক্ষণীয় বিষয় যে বিশেষজ্ঞ চিকিৎসকৰ দৰেই হাটশিঙিমাৰীত থকা জিলা চিকিৎসালয়, হামৰেণ মহকুমা অসামৰিক চিকিৎসালয়, হাফলং অসামৰিক চিকিৎসালয় আৰু শ্ৰীশ্ৰী পীতাম্বৰদেৱ গোস্বামী জিলা চিকিৎসালয়ত নিযুক্তি পাবলগীয়া মেডিকেল অফিচাৰসকলে প্ৰতিমাহে ৩০ হাজাৰ টকা উদগনিমূলক ভাট্টা আৰু পৰিবহণৰ বাবে সুকীয়াকৈ ২০ হাজাৰ টকা লাভ কৰিব ।
ইয়াৰ বাহিৰে বাক্সা জিলাত থকা ডাঃ ৰবি বড়ো অসামৰিক চিকিৎসালয়, ধুবুৰী জিলাত থকা চাপ্ৰা কমিউনিটী হেল্থ চেণ্টাৰ তথা বি পি এইচ চি, হাইলাকান্দি জিলাৰ এছ কে ৰয় অসামৰিক হাস্পতাল, কৰিমগঞ্জ অসামৰিক চিকিৎসালয় আৰু খেৰনি উপ স্বাস্থ্য কেন্দ্র তথা মডেল হাস্পতালত নিযুক্তি লাভ কৰিবলগীয়া মেডিকেল অফিচাৰসকলে প্ৰতিমাহে উদগনিমূলক ভাট্টা ২০ হাজাৰ টকা আৰু পৰিবহণৰ বাবে সুকীয়াকৈ ১৫ হাজাৰ টকা লাভ কৰিব । আনহাতে স্বাস্থ্য বিভাগে উক্ত চিকিৎসালয়কেইখনৰ বাবে স্ত্ৰীৰোগ সংজ্ঞাহাৰক বিশেষজ্ঞ (Anesthesiologist), শিশুৰোগ, শৈল্য অস্ত্ৰোপচাৰ, মেডিচিন বিভাগৰ বিশেষজ্ঞ চিকিৎসক বিচাৰিছে ।
স্বাস্থ্য বিভাগৰ এগৰাকী বিষয়াই সদৰি কৰা অনুসৰি বহু বিশেষজ্ঞ চিকিৎসকে নগৰ-চহৰৰ বাহিৰে আন স্থানত কাম কৰিবলৈ যাব নিবিচাৰে । আনকি কিছুসংখ্যক চিকিৎসকে চৰকাৰী চাকৰি এৰি দিবলৈকো কুণ্ঠাবোধ নকৰে । যাৰ বাবে আজিৰ তাৰিখত গ্ৰামাঞ্চলৰ বহু চিকিৎসালয়তে নাই বিশেষজ্ঞ চিকিৎসক ।
লগতে পঢ়ক :এনেকুৱা চৰকাৰী বিদ্যালয় হ’লে আপোনাৰো মন যাব শিশুটিক নাম লগাই দিবলৈ