ETV Bharat / sports

০,০,০,০,০,০... এদিনীয়া ইতিহাসত ষষ্ঠবাৰৰ বাবে 6 গৰাকী বেটছমেন শূন্যত আউট - 6 BATTERS OUT ON ZERO

Odi cricket history: সংযুক্ত আৰৱ আমিৰশ্বাহী আৰু ওমানৰ মাজত অনুষ্ঠিত আই চি চি ক্ৰিকেট বিশ্বকাপ লীগ 2-ৰ খেলত লজ্জাজনক অভিলেখ ৷

6 BATTERS OUT ON ZERO
6 গৰাকী বেটছমেন শূন্যত আউট (ETV Bharat)
author img

By ETV Bharat Sports Team

Published : Nov 8, 2024, 2:53 PM IST

স্প’ৰ্টছ ডেস্ক: আই চি চি ক্ৰিকেট বিশ্বকাপ লীগ-2 ত এতিয়ালৈকে ওমানৰ দলটোৱে ভাল প্ৰদৰ্শন আগবঢ়াইছে । বৃহস্পতিবাৰে সংযুক্ত আৰৱ আমিৰশ্বাহীৰ বিৰুদ্ধে খেলা মেচখনত ওমানৰ দলটোৱে জয় লাভ কৰে ।

বিপৰীতে এই মেচখনত সংযুক্ত আৰৱ আমিৰশ্বাহীৰ দলটো সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছিল । দলটোৰ কোনো এগৰাকী বেটছমেনে ক্ৰিজত বেছি সময় টিকি থাকিব নোৱাৰিলে আৰু স্থাপন কৰিলে লজ্জাজনক অভিলেখ ৷ ইয়াৰ পূৰ্বে এই লজ্জাজনক তালিকাত নাম আছিল কেৱল পাকিস্তান, দক্ষিণ আফ্ৰিকা আৰু জিম্বাব’ৱে ।

সংযুক্ত আৰব আমিৰশ্বাহীৰ শোচনীয় পৰিস্থিতি

আল এমিৰেটছ ক্ৰিকেট খেলপথাৰত অনুষ্ঠিত এই মেচখনত ওমানে টছত জিকি প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে আৰু এই সিদ্ধান্ত শুদ্ধ বুলি প্ৰমাণিত হয় । বেটিং কৰিবলৈ খেলপথাৰত নমা দলটোৰ এগৰাকী বা দুগৰাকী নহয়, 6 গৰাকীকৈ বেটছমেনে শূন্যত আউট হৈ পেভিলিয়নমুখী হয় ।

এদিনীয়া ক্ৰিকেটৰ ইতিহাসত ষষ্ঠবাৰৰ বাবে এটা দলৰ 6 গৰাকী বেটছমেনে একাউণ্ট নোখোলাকৈয়ে পেভিলিয়নলৈ উভতি আহে ৷ পূৰ্বে পাকিস্তানৰ দলটোৱে তিনিবাৰকৈ এই লজ্জাজনক অভিলেখ অৰ্জন কৰিছে । একে সময়তে দক্ষিণ আফ্ৰিকা আৰু জিম্বাব’ৱেৰ দলসমূহেও এবাৰকৈ এনে পৰিস্থিতিৰ সন্মুখীন হৈছে ।

ওমানৰ বিপজ্জনক বলিং

সংযুক্ত আৰৱ আমিৰশ্বাহীৰ আৰ্য শৰ্মা, বিষ্ণু সুকুমাৰণি, অধিনায়ক ৰাহুল চোপ্ৰা, অয়ন খান, ধ্ৰুৱ পৰাশৰ আৰু ৰাহুল ভাটিয়াই শূন্যতে আউট হয় । প্ৰথমে বেটিং কৰি ইউ এ ইয়ে 25.3 অভাৰত 10 টা উইকেটৰ বিনিময়ত সংগ্ৰহ কৰে মাত্ৰ 78 ৰাণ ৷

এই মেচখনত ওমানৰ হৈ সৰ্বাধিক সফল বলাৰ হিচাপে পৰিগণিত হয় শ্বাকিল আহমেদ । শ্বাকিল আহমেদে 10 অভাৰত মাত্ৰ 23 ৰাণ ব্যয় কৰি দখল কৰে প্ৰতিপক্ষৰ 5 গৰাকীকৈ বেটছমেনৰ উইকেট ৷ ইয়াৰোপৰি জে অডেডাৰায়ো দুটা উইকেট দখল কৰিবলৈ সক্ষম হয় । মুজাহিৰ ৰাজা আৰু সম শ্ৰীবাস্তৱেও লাভ কৰে এটাকৈ উইকেট ।

মেচখনত ওমানে জয়লাভ কৰে

79 ৰাণৰ লক্ষ্য আগত লৈ খেলপথাৰত নমা ওমানে 24.1 অভাৰত 6 টা উইকেট হেৰুৱাই লক্ষ্যত উপনীত হয় ৷ ওমানৰ হৈ আমিৰ কালিমে সৰ্বাধিক 32 ৰাণ সংগ্ৰহ কৰে, য’ত আছিল দুটা চাৰি আৰু 3 টা ছয় ৷

আনহাতে, হাম্মাদ মিৰ্জাই আগবঢ়াই 20 ৰাণৰ বৰঙণি । ইউ এ ইৰ হৈ বেচিল হামিদে 3 টা আৰু অয়ান খানে দুটা উইকেট দখল কৰে যদিও দলটোৰ জয়ৰ বাবে সেয়া পৰ্যাপ্ত নাছিল ।

লগতে পঢ়ক: হাইব্ৰিড মডেলত চেম্পিয়নছ ট্ৰফী; ভাৰতৰ সন্মুখত শিৰণত পাকিস্তানৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.