ETV Bharat / politics

চামগুৰিত পুনৰ নিৰ্বাচনী হিংসা, কংগ্ৰেছ কাৰ্যালয়ত অগ্নিসংযোগ

বৃহস্পতিবাৰে নিশা দুৰ্বৃত্তই কংগ্ৰেছৰ কেইবাটাও নিৰ্বাচনী কাৰ্যালয় ভাঙি লণ্ড-ভণ্ড কৰাৰ উপৰি এটা কাৰ্যালয়ত অগ্নিসংযোগ কৰে ।

election violence in Samaguri
চামগুৰিত পুনৰ নিৰ্বাচনী হিংসা, কংগ্ৰেছ কাৰ্যালয়ত অগ্নিসংযোগ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Nov 8, 2024, 3:14 PM IST

চামগুৰি: চামগুৰি সমষ্টিৰ উপ-নিৰ্বাচনৰ প্ৰচাৰ তুংগত উঠিছে । শাসক-বিৰোধী উভয় শিবিৰে এই সমষ্টিটো দখলৰ বাবে উঠি-পৰি লাগিছে । এফালে কংগ্ৰেছৰ দুৰ্গ সুৰক্ষিত ৰখাৰ বাবে আপ্ৰাণ চেষ্টা, আনফালে বিজেপিয়ে ৰকিবুলৰ ঘাটি দখলৰ বাবে যুদ্ধংদেহী অৱস্থান । তাৰ মাজতে সংঘটিত হৈছে সমষ্টিটোত নিৰ্বাচনী হিংসা ।

চামগুৰিত প্ৰায় দৈনিক সংঘটিত হৈ আহিছে নিৰ্বাচনী হিংসাৰ ঘটনা । তাৰ মাজতে সমষ্টিটোত পুনৰ সংঘটিত হৈছে হিংসাত্মক ঘটনা । বৃহস্পতিবাৰে নিশা দুৰ্বৃত্তই কংগ্ৰেছৰ কেইবাটাও নিৰ্বাচনী কাৰ্যালয় ভাঙি লণ্ড-ভণ্ড কৰাৰ উপৰি এটা কাৰ্যালয়ত অগ্নিসংযোগৰ ঘটনা সংঘটিত কৰে ।

চামগুৰিত পুনৰ নিৰ্বাচনী হিংসা, কংগ্ৰেছ কাৰ্যালয়ত অগ্নিসংযোগ (ETV Bharat Assam)

আনহাতে, লৰিৰমুখস্থিত ৰকিবুল হুছেইনৰ অস্থায়ী বাসগৃহতো আক্ৰমণ দুৰ্বৃত্তৰ । সাংসদ ৰকিবুল হুছেইনৰ বাসগৃহত সোমাই আক্ৰমণ কৰে দুৰ্বৃত্তই । দুৰ্বৃত্তৰ আক্ৰমণত বিস্তৰ ক্ষতিসাধন হয় সাংসদ ৰকিবুল হুছেইনৰ বাসগৃহটো ।

সাংসদ ৰকিবুল হুছেইনৰ বাসগৃহৰ চকী, বেনাৰ ভাঙি-ছিঙি, লণ্ড ভণ্ড কৰাৰ লগতে দুজনকৈ কংগ্ৰেছ কৰ্মীও দুৰ্বৃত্তৰ আক্ৰমণত আঘাতপ্ৰাপ্ত হোৱা বুলি স্থানীয় কংগ্ৰেছ মহলে অভিযোগ কৰে । নিশা অচিনাক্ত দুৰ্বৃত্তৰ ২০-২৫ জনীয়া এটি দলে কাৰ্যালয়সমূহ ভাঙি লণ্ড-ভণ্ড কৰাৰ লগতে ৰকিবুল হুছেইনৰ বাসগৃত আক্ৰমণ কৰে ।

ইফালে এই ঘটনাক কেন্দ্ৰ কৰি চেপা উত্তেজনা অব্যাহত আছে পশ্চিম লৰিৰমুখত । লগতে কংগ্ৰেছৰ নিৰ্বাচনী কাৰ্যালয়সমূহত বিজেপিৰ কৰ্মীয়ে আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় কংগ্ৰেছ কৰ্মীসকলে । সমগ্ৰ ঘটনা সন্দৰ্ভত নগাঁও আৰক্ষীক তদন্ত কৰি দোষীক উচিত শাস্তি প্ৰদানৰ দাবী জনায় স্থানীয় কংগ্ৰেছ কৰ্মীয়ে ।

উল্লেখ্য যে বৃহস্পতিবাৰে চামগুৰি সমষ্টিৰ উপ-নিৰ্বাচনৰ বিজেপি দলৰ প্ৰাৰ্থী দিপ্লুৰঞ্জন শৰ্মাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই এসময়ৰ বন্ধু ৰকিবুল হুছেইনক একপ্ৰকাৰ সকীয়নি প্ৰদান কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বশ্ব শৰ্মাই ।

আনহাতে, চামগুৰিত সংঘটিত হৈ থকা হিংসাত্মক ঘটনাৰ কথাও উল্লেখ কৰি নিজৰ ভাষণত ৰকিবুল হুছেইনক নিমকি গুণ্ডা আখ্যা দিয়ে হিমন্ত বিশ্ব শৰ্মাই ।

লগতে পঢ়ক :ৰকিবুল হুছেইনৰ ঘৰৰ কাম কৰিবলৈ অসম চৰকাৰে দৰমহা দি থকা নাই: চামগুৰি নিৰ্বাচনী সভাত মুখ্যমন্ত্ৰীৰ তীব্ৰ আক্ৰমণ
লগতে পঢ়ক :চাহ জনগোষ্ঠী-গোৰ্খা সম্প্ৰদায় সন্দৰ্ভত মুখ্যমন্ত্ৰীলৈ গৌৰৱ গগৈৰ ৫ টা প্ৰশ্ন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.