Free health check-up camp: তিনিচুকীয়াত বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিৱিৰ - Ayushman Bhava Scheme
🎬 Watch Now: Feature Video


Published : Sep 29, 2023, 7:22 PM IST
তিনিচুকীয়া, ২৯ ছেপ্টেম্বৰ: দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৭৩ সংখ্যক জন্মদিন আৰু আয়ুস্মান ভৱ কাৰ্যসূচী উপলক্ষে ভাৰতীয় জনতা পাৰ্টীৰ তিনিচুকীয়া জিলা মহিলা মৰ্চাৰ উদ্যোগত আজি তিনিচুকীয়া চহৰস্থিত মাৰোৱাৰী পঞ্চায়তী ধৰ্মশালাত এক বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিৱিৰ আয়োজন কৰা হয়। উক্ত বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিৱিৰত তিনিচুকীয়া চহৰৰ বহু সংখ্যক ব্যক্তি উপস্থিত হৈ তেওঁলোকে অভিজ্ঞ চিকিৎসকৰ দ্বাৰা নিজৰ স্বাস্থ্য পৰীক্ষা কৰোৱাৰ লগতে বিনামূলীয়াকৈ প্ৰদান কৰা ঔষধ গ্ৰহণ কৰে ।
স্থানীয় বিধায়ক তথা শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণৰ উপস্থিতিত শুভাৰম্ভ কৰা বিনামূলীয়া চিকিৎসা শিৱিৰত তিনিচুকীয়া জিলা মহিলা মৰ্চাৰ নেত্ৰী তথা ১২ নং ৱাৰ্ডৰ ৱাৰ্ড কমিছনাৰ নৱনীতা আগৰৱালা, তিনিচুকীয়া জিলাৰ মহিলা মৰ্চাৰ সভানেত্ৰী নিভা বৰপাত্ৰকে আদি কৰি বহু কেইগৰাকী বিজেপি মহিলা মৰ্চাৰ নেত্ৰী উপস্থিত থাকে ।
লগতে পঢ়ক: Infestation of drunk youth in DC office: জিলা আয়ুক্তৰ কাৰ্যালয়ত নিচাসক্ত যুৱকৰ তাণ্ডৱ