Job scam in Nalbari: চাকৰিৰ নামত ধন লোৱাৰ অভিযোগত আটক চতুৰ্থ বৰ্গৰ কৰ্মচাৰী

By

Published : Feb 17, 2023, 10:52 PM IST

thumbnail

নলবাৰী, ১৭ ফেব্ৰুৱাৰী: সাৱধান ৷ চাকৰিৰ নামত কাৰোবাক ধন দিয়াৰ পূৰ্বে এশ বাৰ ভাবি লওক ৷ কাৰণ চাকৰি দিয়াৰ প্ৰলোভন দি দুষ্ট চক্ৰই আপোনাৰ পৰা সৰকাই নিব পাৰে আপোনাৰ বহু কষ্টৰে উপাৰ্জিত ধন ৷ শেহতীয়াকৈ ৰাজ্যত বৃদ্ধি পাইছে এনেবোৰ ঘটনাই ৷ এইবাৰ নলবাৰীৰ মুকালমুৱাত চাকৰি দিয়াৰ প্ৰলোভন দি সৰকাই নিলে লাখ লাখ টকা (Taking money in name of job in Nalbari) ৷ কিন্তু এইক্ষেত্ৰত আৰক্ষীও পূৰ্বতকৈ অধিক সষ্টম হৈছে ৷

নলবাৰীৰ মুকালমুৱাত চাকৰিৰ নামত ধন লৈ আৰক্ষীৰ জালত পৰিল এজন চতুৰ্থ বৰ্গৰ কৰ্মচাৰী । আটকাধীন লোকজন দমদমাৰ পৰেশ তালুকদাৰ বুলি জানিব পৰা হৈছে । ধৃত লোকজন বৰক্ষেত্ৰী ৰাজহ চক্ৰৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী বুলি জানিব পৰা গৈছে । ৰাজহ চক্ৰৰ কাৰ্যালয়ত চাকৰি দিয়াৰ বাবদ পাঁচ গৰাকী লোকৰ পৰা পৰেশ তালুকদাৰে ২০২০ বৰ্ষৰ ২৫ নৱেম্বৰত চল্লিশ লাখ টকা লোৱাৰ অভিযোগ উত্থাপিত হৈছিল (Employee arrested for allegedly taking money)।

পৰেশ তালুকদাৰে উচ্চ পদস্থ বিষয়াৰ অতি ঘনিষ্ঠ বুলি পৰিচয় দি কালদিৰ লোহিত তালুকদাৰসহ তেওঁৰ চাৰিগৰাকী আত্মীয় ৰিতা দাস, হিতেশ চন্দ্ৰ বেজবৰুৱা, তিলক বেজবৰুৱা আৰু ভাস্কৰজ্যোতি কলিতাৰ পৰা চাকৰি দিয়াৰ নামত ধন সংগ্ৰহৰ অভিযোগ উত্থাপন হৈছে । ভুক্তভোগী লোক কেইগৰাকীয়ে চাকৰি নাপাই পৰেশ তালুকদাৰৰ পৰা টকাখিনি ওভতাই বিচৰাত বিভিন্ন ভয় ভাবুকি প্ৰদান কৰাৰো অভিযোগ উত্থাপন কৰে ভুক্তভোগী লোহিত তালুকদাৰে (Job scam in Nalbari) ।

উপায়বিহীন হৈ ভুক্তভোগী কেইগৰাকীয়ে ন্যায় বিচাৰি মুকালমুৱা আৰক্ষী থানাত দাখিল কৰে এজাহাৰ ৷ এজাহাৰৰ ভিত্তিতেই দাখিল আৰক্ষীয়ে অভিযান চলাই আটক কৰে পৰেশ তালুকদাৰক । আটক কৰাৰ পিচতে পৰেশ তালুকদাৰৰ অন্য এক কু-কাৰ্যও পোহৰলৈ আহে । পৰেশ তালুকদাৰে অন্য লোকৰ ভূমি নিজৰ বুলি কৈ বিক্ৰী কৰে প্ৰায় চাৰি বিঘা ভূমি । পৰেশ তালুকদাৰৰ পৰা ভূমি ক্ৰয় কৰা হৰেন্দ্ৰ নাথ তালুকদাৰ নামৰ লোক জনৰ পৰাও ৩৬ লাখ টকা লোৱাৰ অভিযোগ কৰে ভুক্তভোগী লোকজনে ।  

উল্লেখযোগ্য যে, কৰ্তব্যত অনিয়মিতভাৱে উপস্থিত হোৱাৰ বাবে পৰেশ তালুকদাৰ পূৰ্বৰে পৰা চাকৰিৰ পৰা নিলম্বিত হৈ আছে । ধৃত পৰেশ তালুকদাৰৰ বিৰুদ্ধে উচিত তদন্ত কৰি ন্যায়ৰ বাবে আৰক্ষী প্ৰশাসনক আহ্বান জনায় ভুক্তভোগী লোকসকলে ।

লগতে পঢ়ক: Ranjit Bora Murder Case: আৰক্ষীৰ বেহুফালি হেণ্ডকাফ পিন্ধিয়েই পলাল শ্বাহ আলম; বিচাৰি ফুৰিছে আৰক্ষীয়ে

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.