বোকাখাতত তোলনি বিয়াৰ খাদ্য খায় অসুস্থ বহু লোক

By

Published : Sep 1, 2022, 4:55 PM IST

Updated : Feb 3, 2023, 8:27 PM IST

thumbnail
বোকাখাতৰ নুমলীগড় ৰৌদুৱাত চাঞ্চল্যকৰ ঘটনা । খাদ্যত বিষক্ৰিয়া হৈ কেইবাজনো লোক চিকিৎসাধীন (Many sick due to food poisoning in Bokakhat)। ৰৌদুৱাৰ প্ৰায় সংখ্যক লোকে আক্ৰান্ত । এতিয়ালৈ বোকাখাত মহকুমা চিকিৎসালয়ত ৪ টা শিশুসহ ১২ জন লোকক ভৰ্তি কৰোৱা হৈছে । শ্বহীদ কুশল কোঁৱৰ অসামৰিক মহকুমা চিকিৎসালয়লৈ ইজনৰ পাছত সিজন আহিছে আক্ৰান্ত লোক । অভিযোগ অনুসৰি ৰৌদুৱাৰ প্ৰভাত কছাৰী নামৰ এজন লোকৰ ঘৰত বিয়া খাবলৈ গৈ অসুস্থ হৈ পৰিছে লোকসকল (Food poisoning in Bokakhat)। নিশা বিয়াঘৰত ভাত খোৱাৰ পিছৰে পৰা আক্ৰান্ত হৈছে লোকসকল । বমি, পেটৰ বিষ, ডায়েৰীয়াত আক্ৰান্ত অঞ্চলটোৰ লোকসকল । মহকুমা স্বাস্থ্য বিভাগে ততাতৈয়াকৈ ৰৌদুৱালৈ প্ৰেৰণ কৰিছে চিকিৎসক আৰু নাৰ্চৰ দল ।
Last Updated : Feb 3, 2023, 8:27 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.