Flood and Erosion in Assam : আই নদীয়ে সৃষ্টি কৰিছে বৃহৎ প্ৰত্যাহ্বানৰ, চৰকাৰৰ নিৰ্বিকাৰ ভূমিকাত ক্ষুব্ধ ভুক্তভোগী - flood effect in Assam
🎬 Watch Now: Feature Video
Published : Aug 25, 2023, 2:11 PM IST
মাণিকপুৰ, 25 আগষ্ট: আই নদীৰ বাঢ়নী পানীয়ে প্লাবিত কৰিছে বিস্তীৰ্ণ অঞ্চল ৷ বঙাইগাঁও জিলাৰ উত্তৰ অভয়াপুৰী সমষ্টিৰ মাজৰে বৈ যোৱা আই নদীৰ বাঢ়নী পানীয়ে 10 খনৰো অধিক গাঁও প্লাবিত কৰাত সমস্যাত পৰিছে স্থানীয় লোক । আই নদীৰ বাঢ়নী পানীয়ে 4,5,6 নং ভাণ্ডাৰা, জামদহা, বাশবাশী, কাঁহিবাৰী, বালাৰপেট, টেনটনপুৰসহ 10 খনৰো অধিক গাঁও পুনৰ ডুব যোৱাৰ লগতে মানুহৰ ঘৰ-দুৱাৰত পানী সোমায় বিস্তৰ ক্ষতি-সাধন হৈছে বুলি স্থানীয় লোকে জানিবলৈ দিয়ে ।
ঘৰ-দুৱাৰৰ লগতে খেতি পথাৰ পৰ্যন্ত বানত ডুব গৈছে । ডাঙাইগাঁও-কীৰ্ত্তনপাৰা সংযোগী ৰাস্তাৰ ওপৰেদিও পানী বাগৰাত ব্যাহত হৈছে সাধাৰণ জীৱন যাত্ৰা ৷ উল্লেখ্য যে, বৃহস্পতিবাৰৰ আবেলিৰ পৰা আই নদীৰ জলপৃষ্ঠ বৃদ্ধি পাইছে । আনহাতে বাঁশবাৰীত আই নদীৰ ভয়ংকৰ গৰাখহনীয়া আৰম্ভ হৈছে ।
খহনীয়াৰ ফলত বহুলোকৰ ঘৰ আই নদীৰ খহনীয়াৰ কৱলত পৰাত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে । ডাঙাইগাঁও-কীত্তৰ্নপাৰা পথচোৱা ডুৱ যোৱাত যোগাযোগ বিছিন্ন হৈ পৰাত অঞ্চলটোত সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতিৰ ।
লগতে পঢ়ক: Nirbhaya like Incident In Bihar: নিৰ্ভয়া কাণ্ডৰ পুনৰাবৃত্তি ! চলন্ত বাহনত কিশোৰীক যৌন নিৰ্যাতন