Flood in Jonai: বানৰ কবলত জোনাইৰ জামুগুৰি

By

Published : Jul 6, 2023, 3:41 PM IST

thumbnail

জোনাই,৬ জুলাই: জোনাইৰ অসম অৰুণাচল সীমান্তত দুদিন ধৰি হোৱা মূষলধাৰ বৰষুণৰ ফলত প্ৰথমটো বানত ডুবিছে ৰামধন দিখাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত বৃহৎ জামুগুৰি অঞ্চল । অঞ্চলটোৰ কেইবাশ পৰিয়াল এতিয়া পানীৰ তলত । বিশেষকৈ ১ ,২ আৰু ৩নং জামুগুৰি, উলুৱনী মাজগাঁৱ, উলুৱনী জয়পুৰ আদি গাঁৱসমূহক লৈ প্ৰায় ২০০ টা পৰিয়াল এতিয়া সম্পূৰ্ণৰূপে বানৰ কবলত পৰা পৰিলক্ষিত হৈছে ।  

খাদ্য সংকটত ভুগিছে শ শ পৰিয়ালৰ লগতে বহু পশুধন । বানৰ কবলত পৰা অঞ্চলটোৰ ৰাইজে যাতায়তৰ ক্ষেত্ৰতো ভুগিছে দুৰ্ভোগ । বানৰ কবলত পৰা অঞ্চলসমূহ পৰিদৰ্শনৰ বাবে কোনো জনপ্ৰতিনিধি তথা জোনাই মহকুমা প্ৰশাসন উপস্থিত নোহোৱাৰ অভিযোগ তুলিছে ভুক্তভোগী ৰাইজে । গতিকে অতি শীঘ্ৰে জনপ্ৰতিনিধি তথা জোনাই মহকুমা প্ৰশাসনে বান বিধ্বস্ত অঞ্চলসমূহ পৰিদৰ্শন কৰি খাদ্য সংকটত ভোগা পৰিয়ালসমূহক খাদ্য সামগ্ৰী যোগানৰ লগতে ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাইছে অঞ্চলটোৰ ৰাইজে । 

লগত পঢ়ক: BJP Meeting In Guwahati: লক্ষ্য 2024; গুৱাহাটীত বিজেপিৰ 12 খন ৰাজ্যৰ নেতাৰ গুৰুত্বপূৰ্ণ বৈঠক

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.