Jorhat Fishing competition : 12 নৱেম্বৰত যোৰহাটত হ’ব উত্তৰ পূবাঞ্চল ভিত্তিত বৰশীবোৱা প্ৰতিযোগিতা

By ETV Bharat Assamese Team

Published : Oct 30, 2023, 1:52 PM IST

thumbnail

যোৰহাট, 30 অক্টোবৰ : মীন পালনৰ জৰিয়তে নিৱনুৱাসকলক স্বাৱলম্বী কৰাৰ বাবে যোৰহাটত 12 নৱেম্বৰত আয়োজন কৰা হ’ব এখনি বৰশীবোৱা প্ৰতিযোগিতা ৷ যোৰহাট জিলাৰ নিমাতি অঞ্চলৰ জনপ্ৰিয় গোট "বৰআলি মীন পালন গোট"ৰ উদ্যোগত আয়োজিত হ’ব লগা এই প্ৰতিযোগিতাত বৃহৎ ওজনৰ মাছ ধৰোঁতাজনক প্ৰথম পুৰস্কাৰ হিচাপে দুই লাখ টকা প্ৰদান কৰা হ’ব ৷

সৰ্বমুঠ 10 টা শাখাত এই প্ৰতিযোগিতাৰ পুৰস্কাৰ প্ৰদান কৰা হ’ব ৷ আনকি উত্তৰ পূৰ্বাঞ্চলৰ সকলো প্ৰতিযোগীয়ে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব পাৰিব ৷ যোৰহাটৰ নিমাতী ঘাটত 12 নৱেম্বৰ পুৱা 8.30 বজাৰ পৰা বিয়লি 2.30 বজালৈকে অনুষ্ঠিত হ’ব এই প্ৰতিযোগিতা ৷ যোৰহাটৰ নিমাতিৰ সমীপৰ গ্ৰীণ ভিউ ৰিজৰ্টত আয়োজিত এক সংবাদমেলত এই প্ৰতিযোগিতা সন্দৰ্ভত এইদৰে মন্তব্য কৰে বৰআলি মীন পালন গোটৰ সভাপতি অমৰ জ্যোতি বৰাই।

সংবাদমেলত বৰাই কয়, প্ৰতিযোগিতাৰ নিয়ম অনুসৰি এজন প্ৰতিযোগীয়ে এটা বৰশীহে ব্যৱহাৰ কৰিব পাৰিব । প্ৰতিযোগীৰ কোনো সহায়ক থাকিব নোৱাৰিব ৷ লগতে প্ৰতিযোগীয়ে লগত পানী বটল, খোৱা আহাৰ লৈ আহিব লাগিব ৷ প্ৰতিযোগীয়ে কোনো নিচাযুক্ত দ্ৰব্য গ্ৰহণ কৰি আহিব নোৱাৰিব আৰু যিজন প্ৰতিযোগীয়ে সৰ্ববৃহৎ ওজনৰ মাছটো ধৰিব পাৰিব তেওঁকে প্ৰথম পুৰস্কাৰ প্ৰদান কৰা হ’ব । বৃহৎ ওজনৰ মাছ ধৰোঁতাজনক প্ৰথম পুৰস্কাৰ হিচাপে দুই লাখ টকা প্ৰদান কৰা হ’ব ৷

লগতে পঢ়ক : Boat competition at Kulshi river : কুলশী নৈত আয়োজন পৰম্পৰাগত নাওখেল প্ৰতিযোগিতা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.