Special Immunization Drive held in Assam: ধেমাজি জিলাত সপ্তাহজোৰা বিশেষ টীকাকৰণ অভিযান আৰম্ভ - ধেমাজি জিলাত সপ্তাহজোৰা বিশেষ টীকাকৰণ

🎬 Watch Now: Feature Video

thumbnail

By

Published : Dec 19, 2022, 10:42 PM IST

Updated : Feb 3, 2023, 8:36 PM IST

সমগ্ৰ অসমৰ লগতে ধেমাজি জিলাতো সপ্তাহজোৰা বিশেষ টীকাকৰণ অভিযান আৰম্ভ (Special Immunization Drive held in Assam) ৷ ১৬ ডিচেম্বৰৰ পৰা আৰম্ভ হোৱা এই অভিযানটিত ২ বছৰৰ ভিতৰৰ আৰু ২ বছৰৰ পৰা ৫ বছৰলৈ মুঠ ৩২৬ টা শিশুৰ লগতে ৩৬ গৰাকী গৰ্ভৱতী মহিলাক টীকাকৰণৰ ব্যৱস্থা কৰা হৈছে ৷ জিলাখনৰ মুঠ ৮৭ খন গাঁৱৰ মুঠ ২৫টা কেন্দ্ৰত জিলা স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে অনুষ্ঠিত কৰে এই বিশেষ টীকাকৰণ অভিযান ৷ উল্লেখ্য যে দুবছৰ বয়সৰ ভিতৰৰ যিসকল শিশুৱে নিয়মীয়া টীকাকৰণ ব্যৱস্থাত টীকাকৰণৰ সম্পূৰ্ণ টীকা গ্ৰহণ কৰিব পৰা নাছিল, সেইসকল শিশুক এই অভিযানত টীকাকৰণ কৰাৰ উপৰিও গৰ্ভৱতী মহিলাক ভেকচিন প্ৰদানৰ বিশেষ ব্যৱস্থা আৰু এম আৰ ভেকচিন নোপোৱা ২-৫ বছৰ বয়সৰ শিশুৰ বাবেও ভেকচিন প্ৰদানৰ ব্যৱস্থা কৰা হৈছে ৷ উল্লেখ্য যে এই অভিযানৰ দ্বিতীয় পৰ্যায় আৰম্ভ হ’ব ২০২৩ বৰ্ষৰ ১৭ জানুৱাৰীৰ পৰা ১৬ ফেব্ৰুৱাৰীলৈকে ৷
Last Updated : Feb 3, 2023, 8:36 PM IST

For All Latest Updates

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.