ৰান্ধনিশালৰ জুয়ে মাতিলে কাল, জ্বলি ছাই হ’ল মৰমৰ ঘৰখন - এজন আঘাতপ্ৰাপ্ত
🎬 Watch Now: Feature Video


Published : Dec 12, 2023, 3:12 PM IST
গোলাঘাট, 12 ডিচেম্বৰ : গোলাঘাট জিলাৰ কমাৰগাওঁ আৰক্ষী থানাৰ অন্তৰ্গত বংকোৱালত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে । চকুৰ পচাৰতে জ্বলি ভস্মীভূত হয় এটা বাসগৃহ।
ঘটনাৰ বিৱৰণী অনুসৰি, কমাৰগাওঁ থানাৰ অন্তৰ্গত উজনি বংকোৱাল গাঁৱৰ বিজু লইং নামৰ লোকজনৰ বাসগৃহত সোমবাৰে দিন দুপৰতে সংঘটিত হয় এই বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা । লোকজনৰ ৰান্ধনিশালৰ চৌকাত জ্বলি থকা জুই বতাহত বিয়পি পৰাৰ ফলত এই অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হোৱা বুলি অনুমান কৰিছে স্থানীয় লোকে ।
এই অগ্নিকাণ্ডৰ ফলত লোকজনৰ ঘৰৰ কেইবা লক্ষাধিক টকাৰ সামগ্ৰীৰ লগতে বহু গুৰুত্বপূৰ্ণ নথি-পত্ৰ জুইত জাহ যায় । ইফালে এই অগ্নিকাণ্ড নিৰ্বাপন কৰিবলৈ চেষ্টা কৰা এজন লোক আঘাতপ্ৰাপ্ত হৈছে বুলি জানিব পৰা গৈছে ৷
লগতে পঢ়ক: খানাপাৰাত পথ দুৰ্ঘটনা, তীব্ৰবেগী ডাম্পাৰে মহতিয়াই নিলে কেইবাখনো বাহন