Silghat Jute Mill : শিলঘাট মৰাপাট কলত ভয়ংকৰ অগ্নিকাণ্ড - Fire at Silghat Jute Mill

🎬 Watch Now: Feature Video

thumbnail

By

Published : May 2, 2023, 12:25 PM IST

কলিয়াবৰ, 2 মে’ : নগাঁও জিলাৰ কলিয়াবৰৰ শিলঘাট অসম সমবায় মৰাপাট কলত সংঘটিত হৈছে এক ভয়ংকৰ অগ্নিকাণ্ড (Fire at Silghat Jute Mill)। মঙলবাৰে পুৱা ৯ বজাত বৈদ্যুতিক চৰ্ট চাৰ্কিটৰ ফলতে এই অগ্নিকাণ্ড সংঘটিত হোৱা সন্দেহ কৰা হৈছে । এই অগ্নিকাণ্ডত জ্বলি ছাই হ'ল বুজন পৰিমাণৰ কেঁচা মৰাপাট আৰু মৰাপাটৰ সামগ্ৰী নিৰ্মাণৰ বাবে ব‍্যৱহৃত সামগ্ৰী । ইতিমধ্যে সাতখনকৈ অগ্নি নিৰ্বাপক বাহিনীৰ বাহনৰ দ্বাৰা জুই নিৰ্বাপণ কৰিবলৈ সক্ষম হৈছে বুলি জানিব পৰা গৈছে ।  

বিৱৰণি অনুসৰি, কলিয়াবৰৰ শিলঘাট অসম সমবায় মৰাপাট কলত বৈদ‍্যুতিক মটৰৰ পৰা উৎপন্ন হোৱা ফিৰিঙতিৰ পৰা ভয়ংকৰ অগ্নিকাণ্ড হয় (Silghat Assam Cooperative Jute Mill)। অগ্নিকাণ্ডৰ ফলত কাৰখানাৰ ভিতৰতে মজুত থকা কেঁচা মৰাপাট আৰু মৰাপাটৰ সামগ্ৰী দপদপকৈ জ্বলি উঠে । লগে-লগে কৰ্মৰত কৰ্মীৰ মাজত হুৱা-দুৱা লাগে ।

খবৰ পোৱাৰ মাত্ৰে ততাতয়াকৈ অগ্নি নিৰ্বাপক বাহিনীৰ লোক ঘটনাস্থলীত উপস্থিত হৈ জুই নুমুৱাবলৈ সক্ষম হয় ৷ ফলত কলটো বৃহৎ ক্ষতি হোৱাৰ পৰা ৰক্ষা পৰে । অৱশ‍্যে অগ্নিকাণ্ডৰ ফলত হোৱা ক্ষতিৰ পৰিমাণ কিমান এতিয়ালৈকে জানিব পৰা হোৱা নাই ।

লগতে পঢ়ক : Laboratory technician: সমস্যা সমাধানৰ দাবীৰে ধেমাজিত সদৌ অসম মেডিকেল লেবৰেটৰী টেকনিচিয়ান সন্থাৰ সংবাদমেল

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.