Ashokashtami 2023: অশোকাষ্টমী উপলক্ষ্যে জন সমুদ্ৰত পৰিণত অশ্বক্লান্ত দেৱালয় - Aswaklanta Temple North Guwahati

🎬 Watch Now: Feature Video

thumbnail

By

Published : Mar 29, 2023, 2:31 PM IST

বাইহাটা, 29 মাৰ্চ: আজি পবিত্ৰ মহা অশোকাষ্টমী | মঙলবাৰৰ পৰা নাম-প্ৰসংগৰে আৰম্ভ হ'ল অশোকাষ্টমী মেলা ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তত উলহ-মালহেৰে পালন হৈছে অশোকাষ্টমী পৰ্ব (Ashokastami Snan at Assam)   ৷

অশোকাষ্টমী উপলক্ষে জন সমুদ্ৰত পৰিণত হৈছে উত্তৰ গুৱাহাটীৰ পুৰাণ প্ৰসিদ্ধ শ্ৰী শ্ৰী অশ্বক্লান্ত দেৱালয় প্ৰাঙ্গন ৷ জনবিশ্বাস মতে আজিৰ দিনটোত মিলন হয় গঙ্গা আৰু ব্ৰহ্মপুত্ৰৰ (Aswaklanta Ghat North Guwahati) ৷ সেয়ে, অশ্বক্লান্ত দেৱালয়ৰ বিষ্ণু পদত ভক্তসকলে মৃতকৰ অস্থি, পিণ্ড তৰ্পন আৰু স্নান কৰে(Aswaklanta Temple North Guwahati)  ৷ ইয়াৰ ফলত ভক্তসকলৰ পূৰ্বপুৰুষৰ আত্মাৰ সদগতি হয় আৰু স্বৰ্গত স্থান লাভ কৰে আৰু এই পূণ্য স্থানত ভক্তসকলে স্নান আৰু তৰ্পণ কৰিলে ভক্ত সকলেও স্বৰ্গত স্থান পাই বুলি এক প্ৰচলিত প্ৰবাদ আছে (Ashokastami Snan at Aswaklanta Ghat)   ৷  

অশোক শব্দৰ অৰ্থ হৈছে শোক-তাপ নোহোৱা কৰা ৷ সেয়েহে আজিৰ এই অশোকাষ্টমীৰ দিনটোত দেশৰ লগতে বিশ্বৰ ভিন্ন প্ৰান্তৰ ভক্ত আহি উপস্থিত হৈছে অশ্বক্লান্ত দেৱালয় প্ৰাঙ্গনত (Ashokastami mela) ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.