Fake kazi arrested:১৬ টা ভুৱা কাজী আৰু কাজী সহায়ক গ্ৰেপ্তাৰ হাইলাকান্দিত - ১৬ টা ভুৱা কাজী আৰু কাজী সহায়ক গ্ৰেপ্তাৰ
🎬 Watch Now: Feature Video
Published : Sep 13, 2023, 10:26 PM IST
কৰিমগঞ্জ, 13 ছেপ্টেম্বৰ : হাইলাকান্দি আৰক্ষীয়ে হাইলাকান্দিৰ বিভিন্ন থানা এলেকাৰ পৰা ১৬ জন ভুৱা কাজী আৰু এটা কাজী সহায়কক গ্ৰেপ্তাৰ কৰিছে । আৰক্ষী অধীক্ষক লীনা দলেৰ নেতৃত্বত বাল্যবিবাহৰ বিৰুদ্ধে নিশাজোৰা আৰক্ষী অভিযান আৰম্ভ হয় ।
জানিব পৰা মতে, হাইলাকান্দি জিলা সদৰ থানা অঞ্চলৰ পৰা ২ জন, পঞ্চগ্ৰামৰ পৰা ১ জন, আলগাপুৰৰ ২ জন, লালাৰ পৰা ৬ জন, কাটলিচৰাৰ পৰা ২ জন, ৰামনাথপুৰৰ পৰা ২ জন আৰু বিলাইপুৰৰ পৰা ১ জন ভুৱা কাজীক গ্ৰেপ্তাৰ কৰা হৈছে । হাইলাকান্দি জিলা আৰক্ষীৰ অতিৰিক্ত আৰক্ষী অধীক্ষকে আটক কৰা ১৬ জন ভুৱা কাজী আৰু এটা ভুৱা কাজীৰ সহায়ক বুলি নিশ্চিত কৰিছে ।
বৈধ প্ৰাপ্তবয়স্কৰ নথি-পত্ৰ অবিহনে অভিযুক্তৰ বিৰুদ্ধে বাল্য বিবাহ সম্পন্ন কৰাৰ অভিযোগ প্ৰমাণিত হৈছে । এই 16 জন ভুৱা কাজীয়ে চৰকাৰী নথি-পত্ৰ অবিহনে ইছলামিক নীতি অনুসৰি নিকাহ কৰোৱাই বাল্য বিবাহৰ দৰে সামাজিক অপৰাধ সংঘটিত কৰিছে ৷ কেৱল বিবাহেই নহয়, এই ভুৱা কাজীৰ বিৰুদ্ধে বহুতো অবৈধ বিবাহ বিচ্ছেদ কৰোৱাৰ অভিযোগো উত্থাপন হৈছে ।
লগতে পঢ়ক : Child Marriage: বাল্য বিবাহ আইন অমান্য কৰি ৰঙাঘৰলৈ যুৱক