Fake doctor in Guwahati: মহানগৰীৰ জ্যোতিকুছিত ওলাইছে মুন্নাভাই এমবিবিএছ - fraud doctor in guwahati

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Sep 5, 2023, 1:49 PM IST

গুৱাহাটী, ৫ ছেপ্টেম্বৰ: সঞ্জয় দত্ত অভিনীত বলীউডৰ জনপ্ৰিয় ছবি মুন্নাভাই এমবিবিএছ হয়তো নিশ্চয় চাইছে । মুন্নাভাই এমবিবিএছৰ ছিকুৱেলখনো হয়তো চাইছে । পিছে এইবাৰ বলীউডৰ ছবিত নহয়, গুৱাহাটী মহানগৰীৰ জ্যোতিকুছিত ওলাইছে মুন্নাভাই এমবিবিএছ । মহানগৰীৰ ফটাশিল আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে এই ভুৱা চিকিৎসকজনক ।

জ্যোতিকুছি শংকৰ হোটেলৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে এইগৰাকী ভুৱা চিকিৎসকক । মঙলবাৰে ফটাশিল আৰক্ষীয়ে চিকিৎসক সন্থাৰ অভিযোগৰ ভিত্তিত এক অভিযান চলাই গ্ৰেপ্তাৰ কৰে ভুৱা চিকিৎসক পৰমেশ চক্ৰৱৰ্তীক । আনহাতে, আৰক্ষীয়ে চলোৱা অভিযানত ভুৱা চিকিৎসকজনৰ পৰা জব্দ কৰা হয় প্ৰেছক্ৰিপচন, ৰাইটিং পেড আৰু বহু ভুৱা নথি-পত্ৰ ।

উল্লেখ্য যে ডাঃ পৰমেশ চক্ৰৱৰ্তীয়ে বিগত ১০ বছৰে শংকৰ হোটেলত থকা চাৰুলক্ষ্মী আয়ুস নামৰ ফাৰ্মাচীত চেম্বাৰ খুলি চিকিৎসা আগবঢ়াই আছিল ।

লগতে পঢ়ক :Assam Police constable: নিখোঁজ পল্টন বজাৰ থানাৰ মহিলা কনিষ্টবল গায়ত্ৰী হাজৰিকা; শৰাইঘাট দলঙত উদ্ধাৰ ছেণ্ডেল-ম’বাইল

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.