Prabin Boro to Join Congress: জাতীয়তাবাদী প্ৰবীণ বড়োৰ কংগ্ৰেছ যাত্ৰা কিয়? ইটিভি ভাৰত Exclusive

By ETV Bharat Assamese Team

Published : Oct 10, 2023, 7:06 PM IST

Updated : Oct 10, 2023, 7:12 PM IST

thumbnail

নিউজ ডেস্ক, 10 অক্টোবৰ: সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি, অসম গণ পৰিষদৰ এসময়ৰ মুখপাত্ৰ আৰু বিপিএফ দলৰ প্ৰাক্তন সাধাৰণ সম্পাদক প্ৰবীণ বড়োৱে 11 অক্টোবৰ অৰ্থাৎ বুধবাৰে আনুষ্ঠানিকভাৱে যোগ দিব কংগ্ৰেছ দলত ৷ ইতিমধ্যে যোগদানৰ সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈছে, বাকী আছে কেৱল আনুষ্ঠানিকতাহে ৷ কংগ্ৰেছত যোগদানৰ প্ৰাকমুহূৰ্তত আজি এইগৰাকী প্ৰাক্তন আছু নেতাক ইটিভি ভাৰতৰ ফালৰ পৰা কৰা হৈছিল তিনিটা বিশেষ প্ৰশ্ন ৷ যথাযথভাৱে প্ৰশ্নসমূহৰ উত্তৰ দিছে প্ৰবীণ বড়োৱে ৷ প্ৰবীণ বড়ো বুলিলেই সাধাৰণতে অসমৰ মানুহৰ মনলৈ আহে জাতীয়তাবাদী চিন্তাধাৰাৰে পুষ্ট আপোচবিহীন এজন নেতাৰ নাম ৷ তেন্তে এনে কি পৰিস্থিতি আহিল, যাৰ বাবে জাতীয়তাবদী মনোভাৱৰ এইজন নেতাই এটা ৰাষ্ট্ৰীয় দলৰ প্ৰতি আকৃষ্ট হ’ল ? যদি ৰাষ্ট্ৰীয়তাবাদৰ প্ৰতি প্ৰবীণ বড়োৰ আকৰ্ষণ বৃদ্ধি পাইছে তেন্তে তেওঁৰ প্ৰথম পছন্দ কংগ্ৰেছ কিয় হ’ল? বিজেপি কিয় নহ’ল ? আপ কিয় নহ’ল? কংগ্ৰেছত যোগদানৰ পূৰ্বে এই সকলো প্ৰশ্নৰ উত্তৰ দিলে প্ৰবীণ বড়োৱে ৷

Last Updated : Oct 10, 2023, 7:12 PM IST

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.