ULFA Government peace talk : শ্বহীদৰ ত্যাগৰ মূল্য চৰকাৰে দিবই লাগিব; প্ৰাক্তন আলফা - আলফা চৰকাৰৰ শান্তি আলোচনা

🎬 Watch Now: Feature Video

thumbnail

By

Published : May 13, 2023, 1:36 PM IST

মাজুলী, 13 মে’ : মাজুলীত প্ৰাক্তন আলফা সমন্বয়ৰক্ষী সমিতিৰ সভাপতি গুলি অসম ওৰফে ৰহেন্দ্ৰ মৰানে আলফা-চৰকাৰৰ শান্তি আলোচনা সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত আগবঢ়ায় বহু গুৰুত্বপূৰ্ণ মন্তব্য । আলফা চৰকাৰৰ শান্তি আলোচনা সন্দৰ্ভত অসম আৰু ভাৰত চৰকাৰ সদিচ্ছাৰ পোষকতা কৰে । তদুপৰি, আলোচনাৰ নামত আলোচনা হ’লেও ই ফলপ্ৰসু নহ’ব বুলি কয় প্ৰাক্তন আলফা সমন্বয়ৰক্ষী সমিতিৰ সভাপতিগৰাকীয়ে (Ex ulfa cadre on ULFA Government peace talk) । 

এটা গোট বাহিৰত থাকি আন এটা গোটৰ লগত আলোচনা কৰিলে আলোচনা ফলপ্ৰসূ নহ’ব বুলিও কয় গুলি অসম ওৰফে ৰহেন্দ্ৰ মৰানে । আলফাৰ যি দাবী আছিল বা আছে সেয়া অকল আলফাৰ দাবী নহয় সেয়া অসমবাসীৰ দাবী বুলি উল্লেখ কৰি আলফাৰ যি দাবীৰ বাবে ইতিমধ্যে 25 হাজাৰ তেজাল অসমীয়া শ্বহীদ হ’ল আৰু এই শ্বহীদৰ ত্যাগৰ মূল্য অসম আৰু ভাৰত চৰকাৰে দিবই লাগিব বুলি কয় প্ৰাক্তন আলফা সমন্বয়ৰক্ষী সমিতিৰ গুলি অসম ওৰফে ৰহেন্দ্ৰ মৰানে (ULFA in Assam)। 

চৰকাৰে আলোচনাৰ বিষয়টো গুৰুত্ব সহকাৰে নল’লেও আলফাত যুৱচামৰ যোগদান অব্যাহত থাকিব বুলি কয় প্ৰাক্তন আলফা সমন্বয়ৰক্ষী সমিতিৰ সভাপতি গুলি অসম ওৰফে ৰহেন্দ্ৰ মৰানে (Ex ulfa cadre demand peace talk) ।

লগতে পঢ়ক : Prisoners escape from Silchar jail : শিলচৰ কেন্দ্ৰীয় কাৰাগাৰৰ জেইলাৰসহ দুই ৱাৰ্ডেনক নিলম্বন

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.