কপিলীত বিলিন হৈ যাব নেকি কামপুৰৰ বহু অঞ্চল

By

Published : Jun 30, 2022, 10:29 AM IST

Updated : Feb 3, 2023, 8:24 PM IST

thumbnail

কামপুৰত এফালে যদি বানৰ তাণ্ডৱ, আনফালে সমান্তৰালকৈ চলিছে খহনীয়াৰ তাণ্ডৱ (Erosion in parallel with floods in Kampur) । বানে ধোৱা কামপুৰত এতিয়া খহনীয়াই সৃষ্টি কৰিছে আন এক আতংক । শেহতীয়াকৈ বকুলগুৰিত হোৱা ভয়াৱহ খহনীয়াই অধিক শংকিত কৰি তুলিছে কপিলীপৰীয়া ৰাইজক (People near Kapili River alarmed by erosion) । বিগত চৰকাৰৰ দিনত ৩ কোটি ৬০ লাখ টকা ব্যয় কৰি কপিলীক ৰুধিবলৈ ৰহাৰ প্ৰাক্তন বিধায়ক ডিম্বেশ্বৰ দাসে নিৰ্মাণ কৰাইছিল জিঅ’ বেগ মথাউৰিটো। কিন্তু এতিয়া কপিলী নৈৰ গৰাহত এই মথাউৰিটো । চপৰা চপৰে মথাউৰিটোৰ মাটি খহাৰ ফলত নৈখনে এতিয়া পশ্চিম কাৰ্বি আংলং-যমুনামুখ সংযোগী লোকনিৰ্মাণ বিভাগৰ পথটোৰ লগতে বকুলগুৰি গাঁওখনলৈ তীব্ৰ ভাবুকি কঢ়িয়াই আনিছে । মূল পথটোৰ প্ৰায় আধা অংশ এতিয়া নৈৰ পানীৰ তলত (About half of main road is underwater) । তাৰোপৰি বৰ্তমানেও বৃহৎ বৃহৎ ফাঁট দেখা গৈছে পথটোৰ বাকী থকা অংশখিনিত । এনে পৰিপেক্ষিতত অতি শীঘ্ৰেই যদি চৰকাৰে খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা নকৰে, তেন্তে বকুলগুৰি গাঁওখন সম্পূৰ্ণ ৰূপে সম্পূৰ্ণৰূপে কপিলীৰ গৰাহত পৰিব ৷

Last Updated : Feb 3, 2023, 8:24 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.