thumbnail

By ETV Bharat Assamese Team

Published : Jan 2, 2024, 4:04 PM IST

ETV Bharat / Videos

নলবাৰীৰ নীলপুৰত হাতীয়ে ভাঙিলে বাসগৃহ,পশুধনৰ মৃত্যু

নলবাৰী, ২ জানুৱাৰী: নলবাৰী জিলাৰ উত্তৰ প্ৰান্তৰ ২০খনতকৈও অধিক গাঁৱত বিগত কেইবামাহ ধৰি বনৰীয়া হাতীয়ে উপদ্ৰৱ চলাই আহিছে খেতি পথাৰকে ধৰি জনবসতিস্থলত । এইবাৰ শ্ৰীপুৰ নীলপুৰত বনৰীয়া হাতীয়ে চলালে উপদ্ৰৱ । মাজনিশা বনৰীয়া হাতীৰ এটা জাকে উপদ্ৰৱ চলাই ঘৰ দুৱাৰৰ ক্ষতিসাধন কৰে । এই আক্ৰমণত লগতে পশুধনৰো মৃত্যু হয় ৷  

উল্লেখযোগ্য যে বিগত কেইবামাহ ধৰি নলবাৰীত এটা বনৰীয়া হাতীৰ জাকে মুক্ত বিচৰণ কৰি আছে । ইয়াৰ পিচতো বন্যহস্তীৰ জাকটোক খেদি পঠিওৱাৰ ক্ষেত্ৰত বন বিভাগে কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ কৰি আহিছে ৰাইজে । মাজনিশা শ্ৰীপুৰ নীলপুৰৰ চন্দ্ৰধৰ কলিতা নামৰ লোকজনৰ ঘৰত বনৰীয়া হাতীৰ জাকটোৱে উপদ্ৰৱ চলাই বাসগৃহ লণ্ডভণ্ড কৰি থৈ যায় ।

লগতে পঢ়ক:গুৰুতৰভাৱে অসুস্থ মোহনখ্যাত দ্বীপজ্যোতি কেওঁট

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.