Man Elephant conflict: ৰঙাপৰাত বনৰীয়া হাতীৰ মৃত্যু - বনৰীয়া হাতীৰ উপদ্ৰৱ
🎬 Watch Now: Feature Video
Published : Oct 24, 2023, 2:20 PM IST
ৰঙাপৰা, ২৪ অক্টোবৰ: শোণিতপুৰ জিলাৰ ৰঙাপৰাত আজি পুনৰ মৃত্যু ঘটে এটা বনৰীয়া হাতীৰ । ৰঙাপৰাৰ টেঙাবস্তিত এখন চাহ বাগিচাৰ মাজত থকা হোলাত বনৰীয়া হাতীটোৰ মৃতদেহ পৰি থকা ৰাইজে প্ৰত্যক্ষ কৰে । নিশাৰ ভাগত এটা বৃহৎ বন্যহস্তীৰ জাক চাহ বাগিচাখনৰ মাজেৰে পাৰ হোৱাৰ সময়ত বনৰীয়া হাতীৰ মাজত যুদ্ধ হোৱাৰ কৰুণ পৰিণতিত হাতীটোৰ মৃত্যু হোৱা বুলি স্থানীয় ৰাইজে সন্দেহ প্ৰকাশ কৰিছে ।
উল্লেখ্য যে শোণিতপুৰ জিলাত হাতী-মানুহৰ সংঘাতে তীব্ৰ ৰূপ ধাৰণ কৰিছে । ইতিমধ্যে জিলাখনত চাৰিটা বনৰীয়া হাতীৰ মৃত্যু হোৱাৰ বিপৰীতে তিনিজনকৈ লোকৰ মৃত্যু ঘটিছে । ৰঙাপৰাত বেলি ডুবাৰ পিছতে সৃষ্টি হয় বনৰীয়া হাতীৰ উপদ্ৰৱ । প্ৰতি নিশাই বনৰীয়া হাতীয়ে ৰাইজৰ ঘৰ-দুৱাৰ ভাঙি বিস্তৰ ক্ষতি সাধন কৰি আহিছে ।
লগতে পঢ়ক:Cattle thief: বিলাসী বাহনত গৰু চুৰি কৰিবলৈ আহি ৰাইজৰ লপা-থপা খালে ফাৰুকে