thumbnail

Electrical appliances burnt: বিদ্যুতৰ ভল্টেজ বৃদ্ধি হৈ জ্বলিল বৈদ্যুতিক সামগ্ৰী

By

Published : Jul 2, 2023, 2:18 PM IST

বঙাইগাঁও,২ জুলাই: বঙাইগাঁৱৰ নাম্বাৰপাৰত চাঞ্চল্যকৰ ঘটনা । বঙাইগাঁও জিলাৰ সৰভোগ বিদ্যুৎ উপ-সংমণ্ডলৰ অন্তৰ্গত নাম্বাৰপাৰা তৃতীয় খণ্ডত নিশা হঠাৎ বৈদ্যুতিক ভল্টেজ বৃদ্ধি হৈ ক্ষতিগ্ৰস্ত হয় বহুকেইটা পৰিয়াল । বৈদ্যুতিক ভল্টেজ বৃদ্ধি হোৱাত প্ৰায় প্ৰতিটো পৰিয়ালৰ বৈদ্যুতিক বৰ্ড, ফেন, বাল্ব, চাৰ্জাৰ আদি কৰি সামগ্ৰীবোৰ জ্বলি যায় ।  

হঠাতে এনে ঘটনা সংঘটিত হোৱাত পৰিয়ালবোৰৰ লোকসকলে শংকিত হৈ পথলৈ ওলাই আহে । পথতে বহু সময় কটায় শংকিত ৰাইজে । কি কাৰণত এনে ঘটনা সংঘটিত হ'ল সেই সন্দৰ্ভত জানিব পৰা হোৱা নাই যদিও এই ঘটনাৰ বাবে বিদ্যুৎ বিভাগৰ ওপৰত ক্ষোভ প্ৰকাশ কৰে । দৰিদ্ৰ পৰিয়ালবোৰৰ এনেধৰনৰ ক্ষতি হোৱাত ক্ষতিপূৰণ দাবী কৰে ৰাইজে । 

লগতে পঢ়ক: Constituency delimitation: চতিয়াত অসম আন্দোলনৰ সতীৰ্থ মঞ্চৰ সভা

For All Latest Updates

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.