তিনিচুকীয়া: তিনিচুকীয়া জিলাৰ পানীতোলাত শনিবাৰে পুৱাই হঠাতে লাগিল হুৱাদুৱা । এটা বন্ধ কোঠাক লৈ সৃষ্টি হ'ল উৎকন্ঠা । কোঠাৰ ভিতৰত থকা পতি-পত্নীক দুৱাৰত ঢকিয়াই মাতিছে সকলোৱে । কিন্তু কোনো সঁহাৰি নাই । অৱশেষত ৰাইজে দুৱাৰ ভাঙি উদ্ধাৰ কৰিলে দম্পতীক । তেতিয়ালৈকে সেই দম্পতীৰ প্ৰাণবায়ু উৰি গৈছিল । কি ঘটিছিল ঘৰটোৰ ভিতৰত ?
মৃত মহিলাৰ পিতৃৰ ভাষ্য় :
পানীতোলাৰ নগাঁৱত আজি পুৱা নিজা কোঠাৰ ভিতৰতে পতি-পত্নীৰ মৃতদেহ উদ্ধাৰ হোৱাক লৈ তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে ৷ মৃত স্বামী-স্ত্ৰীৰ নাম অবিনাশ কৰ্মকাৰ আৰু ৰমিলা ওৰাং ৷ মৃত মহিলাগৰাকীৰ পিতৃয়ে কয়, "তিনি বছৰ পূৰ্বে বিবাহপাশত আৱদ্ধ হৈছিল দুয়ো । আজি পুৱা নিজৰ কোঠাৰ ভিতৰত দুয়োৰে মৃতদেহ দেখি পৰিয়ালৰ লোকে মোক জনায় । কি কাৰণে এনে ঘটনা সংঘটিত হ’ল জানিব পৰা নাই ।"
পৰৱৰ্তী সময়ত ঘটনাস্থলীত দণ্ডাধীশৰ সৈতে পানীতোলা আৰক্ষীৰ দল উপস্থিত হৈ মৃতদেহ দুটা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে তিনিচুকীয়া অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ লগতে তদন্ত আৰম্ভ কৰে ৷ এই সন্দৰ্ভত পানীতোলা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীয়ে প্ৰাথমিক তদন্তত এয়া দম্পতীয়ে লোৱা জীৱনৰ চৰম সিদ্ধান্ত বুলি কয় । পতি-পত্নীয়ে পাৰিবাৰিক কন্দলৰ বাবেই এনে সিদ্ধান্ত গ্ৰহণ কৰাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ।
(যদি আপোনাৰ মনলৈ জীৱনৰ চৰম সিদ্ধান্ত গ্ৰহণৰ চিন্তা আহিছে বা আপুনি কোনো বন্ধুৰ বাবে চিন্তিত বা আপোনাক আৱেগিক সমৰ্থনৰ প্ৰয়োজন হৈছে, তেন্তে স্নেহা ফাউণ্ডেশ্যনলৈ ফোন কৰক – ০৪৪২৪৬৪০০৫০ (২৪x৭ উপলব্ধ) বা আইকল, টাটা ইনষ্টিটিউট অৱ ছ’চিয়েল চায়েন্স হেল্পলাইন – ৯১৫২৯৮৭৮২১ সোমবাৰৰ পৰা শনিবাৰলৈ পুৱা ৮ বজাৰ পৰা নিশা ১০ বজালৈ উপলব্ধ ।)