Tense situation in Maran College: মৰাণ মহাবিদ্যালয়ত নিৰ্বাচনকেন্দ্রীক হিংসা - Heated situation in Maran College
🎬 Watch Now: Feature Video
Published : Sep 30, 2023, 9:30 PM IST
মৰাণ,৩০ ছেপ্টেম্বৰ: বিশ্ববিদ্যালয়সমূহৰ পৰা আৰম্ভ কৰি মহাবিদ্যালয়সমূহত অনুষ্ঠিত হৈছে ছাত্ৰ একতা সভা নিৰ্বাচন । পিছে নিৰ্বাচনকেন্দ্রীক হিংসাত্মক ঘটনাই চিন্তিত কৰিছে বৌদ্ধিক মহলক । ইয়াৰ মাজতে ছাত্ৰ একতা সভা নিৰ্বাচনক কেন্দ্ৰ কৰি শনিবাৰে বিয়লি উত্তপ্ত হৈ পৰে উজনিৰ মৰাণ নগৰত অৱস্থিত ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠান মৰাণ মহাবিদ্যালয় ৷ নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পাছতে একাংশ পৰাজিত প্ৰাৰ্থী আৰু তেওঁলোকৰ সমৰ্থকসকলে মহাবিদ্যালয়ৰ প্ৰৱেশদ্বাৰত অৱস্থান কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ।
জানিব পৰা অনুসৰি কেইবাটাও সংগঠনে প্ৰাৰ্থীত্ব আগবঢ়াইছিল যদিও সকলোকে চেৰ পেলাই নিৰ্দলীয় প্ৰাৰ্থীয়ে জয় লাভ কৰে । ইয়াৰ পাছতে শনিবাৰে অনুষ্ঠিত ছাত্ৰ একতা সভাৰ নিৰ্বাচন বিসংগতিপূৰ্ণভাৱে অনুষ্ঠিত কৰাৰ অভিযোগ তুলি ছাত্ৰ-ছাত্ৰীসকলে সাব্যস্ত কৰে প্ৰতিবাদ ৷ প্ৰতিবাদী ছাত্ৰ-ছাত্ৰীসকলে সন্ধিয়া পৰ্যন্ত আৱদ্ধ কৰি ৰাখে মহাবিদ্যালয়ৰ প্ৰৱেশদ্বাৰ ৷
লগতে পঢ়ক: Ranoj Pegu: অক্টোবৰ মাহৰ পৰা বাধ্যতামূলক হ’ব শিক্ষা সেতু পৰ্টেলৰ ব্যৱহাৰ; শিক্ষামন্ত্ৰীৰ ঘোষণা