Education Minister Ranoj Pegu in Dhemaji: ধেমাজিৰ পথাৰত ধান কাটিলে মন্ত্ৰী ৰণোজ পেগুৱে - Education minister Ranoj Pegu in Dhemaji
🎬 Watch Now: Feature Video
ধেমাজি ৰাজহ চক্ৰৰ অন্তৰ্গত সদৰৰ সমীপৱৰ্তী গপাক পথাৰত আজি জিলা কৃষি বিষয়া কাৰ্যালয়ৰ উদ্যোগত শস্য চপোৱা অনুষ্ঠান অনুষ্ঠিত হয় ৷ কৃষি বিভাগৰ অভিলাষী প্ৰকল্প এপাৰ্টৰ অধীনৰ 'মিনি কম্বাইন হাৰ্ভেষ্টাৰ' যন্ত্ৰৰ দ্বাৰা আনুষ্ঠানিকভাৱে শালি ধান চপায় ৰাজ্যৰ শিক্ষামন্ত্ৰী তথা ধেমাজি সমষ্টিৰ বিধায়ক ডা: ৰনোজ কুমাৰ পেগুৱে(Education minister Ranoj Pegu in Dhemaji) ৷ জিলাখনৰ প্ৰায় শতাধিক কৃষকৰ উপস্থিতিত বিশাল গপাক পথাৰত এই আধুনিক যন্ত্ৰৰে প্ৰথমবাৰৰ বাবে শালিধান চপাই অভিভূত হৈ পৰে মন্ত্ৰীগৰাকী ৷ উল্লেখ্যযোগ্য যে ইয়াৰ পূৰ্বে গপাক পথাৰত আয়োজিত অনুষ্ঠানত মুকলি সভাত বিশিষ্ট অতিথি হিচাপে অংশ লৈ মন্ত্ৰী পেগুৱে কৃষকসকলক আধুনিক পদ্ধতিৰে কৃষি কাৰ্যত মনোনিৱেশ কৰিবলৈ আহ্বান জনায় আৰু কৃষকৰ আয় দুগুণ বৃদ্ধি কৰাৰ ওপৰত বিশেষভাৱে গুৰুত্ব আৰোপ কৰে ৷ জিলা কৃষি বিষয়া চিৰঞ্জীত শৰ্মাই আঁত ধৰা সভাখনিত ধেমাজি কৃষি বিজ্ঞান কেন্দ্ৰৰ মুৰব্বী গুঞ্জন গগৈ , ধেমাজিৰ অতিৰিক্ত উপায়ুক্ত যাদৱ পেগুকে প্ৰমুখ্যে কৰি বহুলোকে অংশগ্ৰহণ কৰে ৷
Last Updated : Feb 3, 2023, 8:35 PM IST