ETV Bharat / state

অহৰহ জ্বলিছে ১০০ টা চৌকা, ব্যস্ত ৩৬৫ ৰান্ধনি: পাঠশালা অধিৱেশন লোকাৰণ্য - ASAM SAHITYA SABHA

কোনে কয় ডিজিটেল যুগত গ্ৰন্থৰ গুৰুত্ব কমিছে ? একেই আছে গ্ৰন্থৰ গৰিমা ৷ অসম সাহিত্য সভাৰ পাঠশালা অধিৱেশনৰ গ্ৰন্থমেলাত ৰাইজৰ ভিৰ ।

77th biennial session of Asam Sahitya Sabha
অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম দ্বি-বাৰ্ষিক পাঠশালা অধিৱেশন (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Feb 3, 2025, 1:16 PM IST

নলবাৰী : যেন গ্ৰন্থনগৰীলৈ পৰ্যবসিত হৈছে পাঠশালাৰ ভট্টদেৱ ক্ষেত্ৰ ! অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম পাঠশালা অধিৱেশনত লাখ লাখ লোকৰ আগমন হৈছে । সাহিত্য সভাৰ গ্ৰন্থমেলাতো ভিৰ গ্ৰন্থপ্ৰেমীৰ ।

পাঁচদিনীয়াকৈ আয়োজিত অসম সাহিত্য সভাৰ পাঠশালা অধিৱেশনৰ প্ৰতিটো দিনতে গ্ৰন্থমেলাত ভিৰ কৰিছে ৰাইজে । পচন্দৰ গ্ৰন্থখন বিচাৰি বিপণিয়ে বিপণিয়ে পঢ়ুৱৈয়ে ভিৰ কৰিছে । সাহিত্য সভাৰ বাকৰিত অনুষ্ঠিত গ্ৰন্থমেলাত গ্ৰাহকৰ ভিৰ দেখি আনন্দিত বিক্ৰেতা তথা প্ৰকাশন গোষ্ঠী ।

অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম দ্বি-বাৰ্ষিক পাঠশালা অধিৱেশন (ETV Bharat)

ইফালে গ্ৰন্থমেলাৰ পৰিৱেশ দেখি আপ্লুত হৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পঢ়ুৱৈ তথা গ্ৰাহক । তাৰ মাজতে এগৰাকী পঢ়ুৱৈয়ে কৈছে, "গ্ৰন্থমেলা চালো । ইয়াত যথেষ্ট সংখ্যক বিক্ৰেতা আহিছে আৰু ক্ৰেতাও আহিছে । ময়ো কেইখনমান কিতাপ লৈছো । ডিজিটেল মাধ্যমৰ যুগতো যে মানুহে গ্ৰন্থমেলালৈ আহিছে মই যথেষ্ট আনন্দিত হৈছো ।"

আহাৰ প্ৰস্তুত কৰাত ব্যস্ত ৩৬৫ ৰান্ধনি

ইফালে সাহিত্য সভাৰ অধিৱেশনত অতিথিসকলক আপ্যায়নত ত্ৰুটি এৰা নাই পাঠশালাবাসীয়ে । সাহিত্য সভাৰ বাকৰিত দিনে নিশাই জ্বলিয়ে আছে ১০০ টা চৌকা । নিৰ্মাণ কৰা হৈছে ৩ টা বিশাল ভোজনগৃহ । য'ত ১০ হাজাৰ লোকে একেলগে গ্ৰহণ কৰিছে আহাৰ । এগৰাকী কৰ্মকৰ্তাই জনোৱা মতে প্ৰায় ৩৬৫ গৰাকী ৰান্ধনিয়ে আহাৰ প্ৰস্তুত কৰিছে ।

২০০ৰো অধিক স্বেচ্ছাসেৱকে ভোজনগৃহৰ বিভিন্ন কামত সহযোগিতা কৰিছে । অতিৰিক্ত মচলা নোহোৱাকৈ সম্পূৰ্ণ স্বাস্থ্যসন্মতভাৱে খাদ্য প্ৰস্তুত কৰা হৈছে বুলিও জানিবলৈ দিছে উদযাপন সমিতিৰ খাদ্য উপ-সমিতিয়ে । বজালীতে উৎপাদিত বিভিন্ন খাদ্যৰ জুতি দিবলৈ চেষ্টা কৰা হৈছে । তাৰ ভিতৰত বজালীৰ সৰু আলু, মিঠাই, বজালীৰ মিঠা দৈ অন্যতম । মুঠতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা সাহিত্য অনুৰাগীক আদৰিবলৈ সুন্দৰ ব্যৱস্থা গ্ৰহণ কৰিছে অসম সাহিত্য সভাই ।

সমান্তৰালকৈ সাহিত্য অনুৰাগীয়ে পৰম তৃপ্তিৰে ভোজন গ্ৰহণ কৰাও দেখা গৈছে । লক্ষণীয়ভাৱে স্বচ্ছতা আৰু পৰিৱেশ প্ৰদূষণৰ কথা মনত ৰাখি অতিথিসকলক ঢকুৱাত দুপৰীয়াৰ আহাৰ আৰু বিধে বিধে ব্যঞ্জন পৰিৱেশন কৰা হৈছে । এই সকলোবোৰ পৰিকল্পনা তথা আয়োজনৰ বাবে মন্ত্ৰী তথা আদৰণি সমিতিৰ সভাপতি ৰণজিৎ কুমাৰ দাসৰ শলাগ লৈছে বিভিন্নজনে ।

লগতে পঢ়ক :বিশাল বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্রাৰে উদুলি মুদুলি সাহিত্য সভাৰ সপ্তসপ্ততিতম দ্বি-বাৰ্ষিক পাঠশালা অধিৱেশন - ASOM SAHITYA SABHA SESSION 2025

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.