মাজুলী: কৰ্মসংস্থাপন বিচাৰি এজন যুৱকে এদিন ঢাপলি মেলিছিল বহিঃৰাজ্য়লৈ । নদীদ্বীপ মাজুলীৰ পৰা বহিঃৰাজ্য়লৈ কামৰ সন্ধানত ওলাই যোৱা এই যুৱকজনে এদিন যোৱা বাটেৰেই ঘৰলৈ উভতি আহিছিল ।
অসমৰ বাহিৰত কাম কৰাতকৈ নিজৰ ঘৰখনতেই আত্মনিৰ্ভৰশীল হোৱাৰ সপোন ৰচা যুৱকজনে উন্নত জাতৰ বগৰী বিক্ৰী কৰি এবছৰতেই লাভ কৰিলে পাঁচ লাখ টকা । কেনেকৈ আৰম্ভ কৰিলে এই যাত্ৰা ? সবিশেষ ব্য়াখ্য়া কৰিলে উদ্য়মী যুৱকজনে ।
ৰাজ্যজুৰি হেজাৰ হেজাৰ শিক্ষিত নিবনুৱা যুৱক-যুৱতীয়ে চাকৰিৰ পিছে পিছে দৌৰি নিজৰ সময় অপচয় কৰাৰ সময়তে নিজা ভূমিত উন্নতজাতৰ বগৰী খেতি কৰি স্বাৱলম্বিতাৰ নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হোৱা যুৱকজন হৈছে মাজুলীৰ চিলাকলা পঞ্চায়তৰ অন্তৰ্গত বিৰিণাবাৰী গাঁৱৰ যুৱক ৰণজিৎ কলিতা । বাৰীত এতিয়া ডাল ভৰি ভৰি লাগিছে বিভিন্ন প্ৰজাতিৰ উন্নত জাতৰ বগৰী ।
কেনেকৈ আৰম্ভ কৰিলে খেতি ?
এই যুৱকজন এতিয়া অঞ্চলটোৰ নৱপ্ৰজন্মৰ বাবে আদৰ্শ হৈ পৰিছে । আৰ্থিক অনাটনত পৰি এদিন অসমৰ বাহিৰলৈ গৈ কাম কৰা যুৱকজনে পুনৰ ঘৰলৈ ঘূৰি আহি একক প্ৰচেষ্টাৰে বিৰিণাবাৰী গাঁৱৰ কুমলীয়া পথাৰৰ নদীৰ পাৰত জৈৱিকভাৱে কৰা বিভিন্ন ৰবি শস্যৰ খেতিৰে এক সেউজ বিপ্লৱ গঢ়ি তুলিছে । তেওঁ কলকাতাৰ পৰা অনা উন্নত সঁচৰ থাইগ্ৰীণ বগৰীৰ পুলি ২ বিঘা মাটিত সম্পূৰ্ণ জৈৱিকভাৱে ৰোপণ কৰি বছৰি প্ৰায় ৫ লাখ টকালৈকে উপাৰ্জন কৰিবলৈ সক্ষম হৈছে । তদুপৰি তেওঁ জৈৱিকভাৱে কৰা বিভিন্ন ৰবি শস্য আৰু ছাগলী পালনেৰে বছৰি লাখ টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে ।
এই সন্দৰ্ভত ৰণজিৎ কলিতাই কয়, "২০২২ চনৰ এপ্ৰিলত প্ৰথমে এই বগৰীৰ পুলি ৰোপণ কৰিছিলো আৰু ২০২৩ চনৰ জানুৱাৰীৰ পৰা ইয়াৰ ফচল চিঙিবলৈ সক্ষম হৈছো । খেতিৰ বাবে চৰকাৰী একো সা-সুবিধা আজিৰ তাৰিখলৈ লাভ কৰা নাই । মোৰ কোনো আক্ষেপো নাই । আন খেতিৰ কথাতো বাদেই, এইবাৰ উন্নত জাতৰ বগৰী বিক্ৰী কৰিয়েই এতিয়ালৈকে পাঁচ লাখ টকা উপাৰ্জন কৰিছো ।" কৰ্ম-সংস্থাপনৰ বাবে বহিঃৰাজ্যলৈ ঢাপলি মেলাৰ পৰিৱৰ্তে নিৱনুৱা যুৱক-যুৱতীসকলক কৃষিৰ প্ৰতি মনোনিৱেশ কৰিবলৈ তেওঁ আহ্বান জনায় ।