Durga Puja 2023: দুৰ্গা পূজাৰ প্ৰাকক্ষণত দেৱী প্ৰতিমাত শেষ পৰশ দিয়াত ব্যস্ত মৃণ্ময় শিল্পীসকল - দুৰ্গা পূজা2023

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Oct 12, 2023, 10:28 AM IST

ওদালগুৰি, 12 অক্টোবৰ : শক্তিৰ অধিষ্ঠাত্ৰী দেৱী মা দুৰ্গাৰ পূজালৈ মাজত মাথোঁ কেইটামান দিন ৷ দুৰ্গোৎসৱ উদযাপনৰ উপলক্ষে ৰাজ্যৰ চৌদিশে চলিছে ব্যাপক প্ৰস্তুতি ৷ ব্যতিক্ৰম নহয় ওদালগুৰিও ৷ ওদালগুৰি জিলাৰ ভিন্ন স্থানত চলিছে দুৰ্গা পূজাৰ প্ৰস্তুতি ৷ সবাতোকৈ ব্যস্ত হৈ পৰিছে মৃণ্ময় শিল্পীসকল ৷ 

এয়া ওদালগুৰি জিলাৰ টংলা নৱিনপুল্লীস্থিত ধুবুৰী শিল্পালয়ৰ দৃশ্য ৷ মূৰ্তিসমূহত শেষ পৰশ দিয়াত ব্যস্ত হৈ পৰিছে শিল্পী ৷ শিল্পালয়খনলৈ এইবেলি ২০ টাত কৈ অধিক প্ৰতিমাৰ অৰ্ডাৰ অহাৰ কথা জানিবলৈ দিয়ে স্বত্বাধিকাৰীয়ে ৷ উল্লেখ্য যে, অইন বছৰৰ তুলনাত এইবেলি সা-সামগ্ৰীৰ দৰ দাম বৃদ্ধি হোৱাৰ কথা প্ৰকাশ কৰে শিল্পীগৰাকীয়ে ৷ 

লগতে পঢ়ক : Kharupetia Durga Puja: এইবাৰ চন্দ্ৰযান ৩ ৰে মৰ্ত্যলৈ নামি আহিব দেৱী দুৰ্গা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.